নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাপোৰৰ মাস্ক ব্যৱহাৰ কৰাসকলে মানি চলিবলগীয়া সাৱধানতা

বজাৰত এতিয়া ফেচ মাস্ক উভৈনদী৷ বিভিন্ন ধৰণৰ, বিভিন্ন ডিজাইনৰ, বিভিন্ন ৰঙৰ ফেচ মাস্কেৰে বজাৰ ভৰি পৰিছে৷ সেয়ে হ’লেও মাস্কখন কিনাৰ সময়ত অলপ সচেতন হ’লে ভাল৷ মাস্কখনৰ প্রধান উদ্দেশ্য হৈছে সংক্রমণ ৰোধ কৰা৷ সেই কাৰণে এইক্ষেত্রত উন্নতমানৰ ফেচ মাস্ক ব্যৱহাৰ কৰিলে ভাল৷

কোনো সময়ত মাস্কখন ধৰাৰ আগতে হাতখন ভালদৰে পৰিষ্কাৰ কৰিব লাগে। মাস্কখনত কোনো ফুটা বা ছিদ্ৰ আছে নেকি ভালদৰে চাব লাগিব। কেতিয়াবা দেখা যায় যে মাস্ক পিন্ধাৰ পিছত মুখৰ দুয়োফালে ফাঁক থাকে। সেইটো কোনো ধৰণে হ’বলৈ দিব নালাগে। মাস্ক পিন্ধাৰ পিছত, মুখ, নাক আৰু থুঁতৰি সম্পূৰ্ণৰূপে ঢাকি ৰাখিব লাগে।

কাপোৰৰ মাস্ক হ’লে মিহি কপাহী কাপোৰৰ হ’লে ভাল হয়, যাতে উশাহ–নিশাহত অসুবিধা নহয়৷   মুখৰ জোখতকৈ ডাঙৰ ঢিলা মাস্ক আৰু সৰু টান মাস্কে ইয়াৰ ব্যৱহাৰৰ উদ্দেশ্য পৰিপূৰণ নকৰে৷

বিশ্ব স্বাস্থ্য সংস্থাই আগতে কাপোৰৰ মুখা ব্যৱহাৰ কৰাত তিনি-স্তৰৰ মাস্কবোৰৰ ওপৰত গুৰুত্ব দিছিল। দোকানৰ পৰা ক্ৰয় কৰা বা ঘৰত বনোৱা মাস্ক পিন্ধিব পাৰি। অৱশ্যে, যিহেতু সংক্ৰমণৰ ৰোগ প্ৰতিৰোধ ক্ষমতা মাস্ক কাপোৰৰ ওপৰত নিৰ্ভৰ কৰে, বিভিন্ন কাপোৰ তিনিটা স্তৰত দিব লাগে। ভিতৰত থকা মাস্কখনৰ অংশত কপাহৰ কাপোৰ ব্যৱহাৰ কৰা ভাল। কিয়নো ই মুখৰ পৰা নিৰ্গত টোপালবোৰ দ্ৰুততাৰে শোষণ কৰিব পাৰে। মধ্য স্তৰত পলিপ্ৰ’লাইনৰ দৰে সামগ্ৰী থাকিব যি ফিল্টাৰ হিচাপে কাম কৰিব। বাহিৰৰ স্তৰটো পলিয়েষ্টাৰৰ দৰে সামগ্ৰীৰে গঠিত হ’ব, যি মুখৰ ভিতৰৰ পৰা সংক্ৰমণ বিয়পিবলৈ নিদিয়ে। আনহাতে বাহিৰৰ পৰা মুখত সংক্ৰমণ প্ৰৱেশ কৰা প্ৰতিহত কৰে।

You might also like