নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত তীব্ৰবেগী বাইকৰ খুন্দাত মৃত্যু পথচাৰী

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ঢকুৱাখনাৰ কাঠৰবাৰী চাৰিআলিত আজি বিয়লি সংঘটিত হয় এক শোকাবহ পথ দুৰ্ঘটনা। তীব্ৰবেগী বাইকৰ খুন্দাত নিহত হয় এজন পথচাৰী৷ পথ দুৰ্ঘটনাটোৰ ফলত মৃত্যু মুখত পৰা ব্যক্তিগৰাকীৰ নাম ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত বাম চাপৰিৰ লীলা বৰুৱা (৫৫) বুলি চিনাক্ত কৰা হৈছে। ঘটনাৰ বিৱৰণী অনুসৰি মাজুলীৰ দিশৰ পৰা ঢকুৱাখনা নগৰ অভিমুখে আহি থকা এ এছ-০৪ এল-২০৭৮ নম্বৰৰ এখন দ্ৰুতবেগী বাইকে পথৰ কাষেৰে খোজৰে গৈ থকা ব্যক্তিজনক মহতিয়াই লৈ যোৱাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পথৰ ওপৰতে চিটিকি পৰে। আঘাতপ্ৰাপ্ত হৈ পথৰ দাঁতিত পৰি থকা ব্যক্তিজনক স্থানীয় লোকে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও ব্যক্তিগৰাকী চিকিৎসালয়ত মৃত্যু হয়। ইফালে দুৰ্ঘটনা সংঘটিত কৰা বাইক চালকজন গুৰুতৰভাৱে আহত হয়। আহত বাইক চালক ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত আলিমূৰ দাংধৰাৰ যতীন পেগুক লখিমপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে। ঘটনাস্থলীত ঢকুৱাখনা আৰক্ষীৰ এটি দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like