নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিৰ ভৰাগুৰিত প্ৰাক্তন সভাপতিসহ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীৰ বিজেপিত যোগদান

নিয়মীয়া বাৰ্তা, ২৫ জানুৱাৰীঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নগাঁও জিলাৰ চামগুৰি সমষ্টিত কংগ্ৰেছ দলৰ লগতে বিজেপি দলে নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰিছে ৷

বিশেষকৈ চামগুৰি সমষ্টিত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ পৰামৰ্শত আৰু বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি প্ৰাণজিৎ বৰাৰ নেতৃত্বত সমষ্টিটোত দলৰ কৰ্মীসকলে সাংগঠনিক দিশ সবল কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে আজি চামগুৰি সমষ্টিৰ অন্তৰ্গত ভৰাগুৰি অঞ্চলৰ পূজা গৃহত অনুষ্ঠিত হোৱা এখন সভাত প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মী বিজেপি দলত যোগদান কৰে ৷

বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি প্ৰাণজিৎ বৰাৰ সভাপতিত্ব অনুষ্ঠিত হোৱা এখন সভাত কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়াৰ উপস্থিতিত কংগ্ৰেছৰ প্ৰাক্তন পঞ্চায়তৰ সভাপতি দীপক বৈৰাগীসহ প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ৷

ভাৰতীয় জনতা পাৰ্টীৰ নীতি আৰু আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ কংগ্ৰেছ দলৰ পৰা বিজেপি দলত যোগদান কৰা লোকসকলক কলিয়াবৰ জিলা বিজেপিৰ সভাপতি অনিল শইকীয়া আৰু বাজিয়াগাঁও মণ্ডল বিজেপিৰ সভাপতি প্ৰাণজিৎ বৰাই আদৰণি জনোৱাৰ লগতে আগন্তুক নিৰ্বাচনত বিজেপি দলৰ সাংগঠনিক দিশ সবল কৰিবলৈ সকলোকে আহ্বান জনাই বুলি জানিব পৰা গৈছে ৷

আনহাতে উক্ত সভাখনত বাজিয়াগাঁও মণ্ডল বিজেপিৰ উপ-সভাপতি শৰৎ গায়ন নিতুল মণি বৰা কলিয়াবৰ জিলা বিজেপিৰ সম্পাদক ৰাহুল ওজাকে ধৰি শক্তিকেন্দ্ৰৰ আহ্বায়ক আৰু বহুকেইজন নেতা উপস্থিত থাকে বুলি জানিব পৰা গৈছে।

You might also like