নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰঙানদীত যুৱনেতা ঋষিৰাজ হাজৰিকাক টিকট প্ৰদান বিজেপিৰ

সমাগত বিধান সভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছৰে পৰা ক্ৰমশঃ আকৰ্ষণীয় হৈ উঠিছে নৱগঠিত ৭৪নং ৰঙানদী বিধান সভা সমষ্টিত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা৷ সমষ্টিটোত প্ৰতিটো ৰাজনৈতিক দলে নিজৰ অধিপত্য বৰ্তাই ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিছে৷

সমষ্টিটোত বিজেপি দলৰ যুৱনেতা তথা ৰাজ্যিক যুৱ আয়োগৰ সদস্য ঋষিৰাজ হাজৰিকাই দীৰ্ঘ দিন ধৰি সমষ্টিবাসীৰ সৰ্বতো দিশতে কাম কৰি বিপুল জনপ্ৰিয়তা অৰ্জন কৰিছে৷ এই গৰাকী যুৱনেতাই বিগত সময়ছোৱাত সমষ্টিবাসীৰ তত্ত্বাৱধায়কৰ দৰে ভুমিকা পালন কৰি সমষ্টিটোৰ ৰাইজৰ সুখ দুখৰ সময়ত কাম কৰি সমষ্টিবাসীৰ আপোন হৈ পৰিছে৷

আগন্তুক বিধান সভা নিৰ্বাচনত বিজেপি দলৰ টিকট প্ৰত্যাশী সকলৰ ভিতৰত অন্যতম আছিল যুৱবন্ধু ৰূপে পৰিচিত ঋষিৰাজ হাজৰিকা৷ বিজেপি দলে এইগৰাকী যুৱনেতাক টিকট প্ৰদান কৰাত সমষ্টিটোত আনন্দৰ জোৱাৰ উঠিছে৷

ঋষিৰাজ হাজৰিকাক বিজেপি দলে টিকট প্ৰদান কৰাৰ খবৰ প্ৰকাশ পোৱাৰ লগে লগে সমষ্টিটোৰ জনতা উৎফুল্লিত হৈ আনন্দ, স্ফুৰ্তিত মচগুল হৈ পৰে৷ ৰাইজে ৰাজপথলৈ ওলাই আহি ঋষিৰাজ হাজৰিকা জিন্দাবাদ, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, বিজেপি চৰকাৰ জিন্দাবাদ ধ্বনি দি আনন্দত আত্মহাৰা হৈ পৰে৷

আনন্দিত ৰাইজে ফটকা, আতছবাজী ফুটাই উৎসৱ মুখৰ পৰিবেশৰ সৃষ্টি কৰে৷ ৰঙানদীবাসীয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰিছে৷ টিকট লাভ কৰি যুৱনেতাগৰাকীয়ে কাইলৈ নিজ সমষ্টিত পদাৰ্পণ কৰিব৷

যুৱনেতা ঋষিৰাজ হাজৰিকাক ২০ মাৰ্চত বিশাল ৰেলীৰে ৰঙানদী সমষ্টিলৈ আদৰি আনিবলৈ সমষ্টিটোৰ হাজাৰ হাজাৰ লোক অধীৰ আগ্ৰহেৰে বাট চাই আছে৷

নিয়মীয়া বাৰ্তা, লালুক, ১৯ মাৰ্চ

You might also like