অসমৰ পৰা ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে আগন্তুক ১৬ মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ’ব আৰু একেদিনাই সন্ধিয়া ফলাফল ঘোষণা কৰা হ’ব।
শাসক দল বিজেপিয়ে ঘোষণা কৰে যে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন মন্ত্ৰীসভাৰ মন্ত্ৰী যোগেন মহন আৰু দুলীয়াজান সমষ্টিৰ বৰ্তমানৰ বিধায়ক তেৰাছ গোৱালাক দলীয় প্ৰাৰ্থী হিচাপে মনোনীত কৰা হৈছে। এই দুয়োজনে অসমৰ তিনিখন ৰাজ্যসভা আসনৰ ভিতৰত দুখন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব।
আনহাতে তৃতীয় আসনৰ বাবে ইউপিপিলৰ সভাপতি তথা প্ৰাক্তন বিটিচি মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ’ব।
উল্লেখযোগ্য যে ৰাজ্যসভাৰ উচ্চ সদনৰ বাবে অসমৰ পৰা বৰ্তমানৰ সাংসদ ভুৱনেশ্বৰ কলিতী, ৰামেশ্বৰ তেলী আৰু অজিত কুমাৰ ভূঞাৰ কাৰ্যকাল শীঘ্ৰে সমাপ্ত হ’বলগীয়া হোৱাত এই নিৰ্বাচন অনুষ্ঠিত কৰিবলগীয়া হৈছে।
অসম বিধানসভাত NDA জোঁটৰ পৰ্যাপ্ত সংখ্যা থকাৰ বাবে দুজন প্ৰাৰ্থীক নিৰ্বাচিত কৰাত কোনো অসুবিধা নাথাকিব বুলি ধাৰণা কৰা হৈছে। আনকি কেইবাজনো কংগ্ৰেছ বিধায়কে শাসক পক্ষক সমৰ্থন জনোৱাৰ ইচ্ছা প্ৰকাশ কৰাত তৃতীয় আসনো শাসক জোঁটৰ হাতলৈ যাব পাৰে বুলি ৰাজনৈতিক মহলত আলোচনা চলিছে।
১৬ মাৰ্চৰ পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু একেদিনাই সন্ধিয়া ফলাফল ঘোষণা কৰা হ’ব।
ডিজিটেল ডেস্ক, ৪ মাৰ্চ