নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজুলীত অজেয় দুৰ্গ ৰক্ষাৰ যুঁজ বিজেপিৰ, পৰিৱৰ্তনৰ লক্ষ্য কংগ্ৰেছৰ

অসমৰ একমাত্ৰ নদীদ্বীপ জিলা মাজুলীত এতিয়া নিৰ্বাচনী বতাহে তুংগত উঠিছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি জিলাখনৰ চুকে-কোণে এতিয়া কেৱল ৰাজনৈতিক চৰ্চা। বিশেষকৈ শাসকীয় পক্ষ আৰু বিৰোধীৰ মাজত চলা বাকযুদ্ধই নদীদ্বীপটোৰ পৰিৱেশ উত্তপ্ত কৰি তুলিছে।

মাজুলীৰ ২০ খনকৈ গাঁও পঞ্চায়তত এতিয়া প্ৰতিটো দলেই শক্তি প্ৰদৰ্শনত নামি পৰিছে। দিন-ৰাতি একাকাৰ কৰি প্ৰাৰ্থীসকলে ভোটাৰৰ দুৱাৰে দুৱাৰে গৈ আশীৰ্বাদ বিচাৰিছে। শাসকীয় মিত্ৰজোঁটে বিগত এটা দশকৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি ভোটাৰক আকৰ্ষণ কৰিবলৈ চেষ্টা চলাইছে।

বিশেষকৈ ড°হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ হিতাধিকাৰী আঁচনিসমূহক মূল অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে গেৰুৱা দলে। মাজুলীৰ আঞ্চলিক ৰাজনীতিত শক্তিশালী স্থিতি থকা গণশক্তি দলেও এইবাৰ মিত্ৰজোঁটৰ সমান্তৰালভাৱে নিজৰ ভেটি সুৰক্ষিত কৰিবলৈ তৎপৰ হৈ পৰিছে।

বিগত ১০ বছৰ ধৰি মাজুলী বিজেপিৰ এক অভেদ্য দুৰ্গ হিচাপে পৰিগণিত হৈ আহিছে। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দিনৰে পৰা ইয়াত বিজেপিৰ আধিপত্য বিৰাজমান। কিন্তু এইবাৰৰ দৃশ্যপট অলপ সুকীয়া। কংগ্ৰেছৰ যুৱ প্ৰাৰ্থী ইন্দ্ৰনীল পেগুৱে এইবাৰ বিজেপিৰ এই দুৰ্গত ফাট মেলাবলৈ কঁকালত টঙালি বান্ধিছে।

তেওঁৰ নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ সঁহাৰিও লক্ষণীয়। “মাজুলীৰ মূল সমস্যাসমূহ সমাধানত শাসকীয় দল ব্যৰ্থ হৈছে আৰু পৰিবৰ্তনৰ সময় সমাগত,”— এই ধৰণৰ শ্লোগানেৰে ইন্দ্ৰনীল পেগুৱে ভোটাৰৰ কাষ চাপিছে। মাজুলীত এতিয়া এটা ডাঙৰ প্ৰশ্নই দেখা দিছে— কংগ্ৰেছে পাৰিবনে বিজেপিৰ এই শক্তিশালী দুৰ্গ ৰোধিব?

বিজেপি/মিত্ৰজোঁটৰ শক্তি হিচাপে চৰকাৰী আঁচনি, শক্তিশালী সাংগঠনিক ভেটি  প্ৰত্যাহ্বান হিচাপে জনসাধাৰণৰ কিছু প্ৰতিষ্ঠান বিৰোধী ঢৌ৷ আনহাতে কংগ্ৰেছৰ শক্তি হিচাপে নতুন প্ৰাৰ্থীৰ উদ্যম আৰু সমস্যাৰ ভিত্তিত প্ৰচাৰ, প্ৰত্যাহ্বান হিচাপে  দীৰ্ঘদিনৰ সাংগঠনিক দুৰ্বলতা৷

মাজুলীৰ ভোটাৰে এইবাৰ উন্নয়নক নে পৰিবৰ্তনক গুৰুত্ব দিব, সেয়া সময়তহে স্পষ্ট হ’ব। কিন্তু বৰ্তমানৰ পৰিস্থিতিত এয়া নিশ্চিত যে কোনো এটা পক্ষই আনটোক বিনাযুদ্ধে এক ইঞ্চিও মাটি এৰি দিবলৈ প্ৰস্তুত নহয়।

নিয়মীয়া বাৰ্তা, নতুন বজাৰ, ২৮ মাৰ্চ

You might also like