নগাঁৱত ক’ৰোনা আক্ৰান্ত যুৱকৰ পৰিয়ালৰ আন ৫ জনো ক’ৰোনাত আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ৪জুলাই : নগাঁও জিলাত কৰ’নাত আক্ৰান্তৰ সংখ্যাই আঠশৰ ঘৰ অতিক্ৰম কৰাৰ সময়তে কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত নথকা ইজনৰ পাছত সিজনকৈ লোক ক’ভিড-১৯পজিটিভত আক্ৰান্ত হোৱাত উদ্বিগ্ন হৈ পৰিছে নগাঁও জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগ।লগতে গণ সংক্ৰমণৰ আশংকাত ত্ৰস্তমান হৈ পৰিছে নগাঁও চহৰবাসী।
আজিও নগাঁও চহৰৰ ২৪নম্বৰ ৱাৰ্ডৰ কেঁচা আলি লাচিত নগৰৰ এটা উপপথৰ নিৱাসী তথা যোৱা ২৪জুনতে কৰ’নাত আক্ৰান্ত হোৱা বুলি নিশ্চিত হোৱাৰ পাছত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯হাস্পতালত চিকিৎসাধীন হৈ থকা সুৰজিৎ দত্ত (২৮)নামৰ এজন যুৱক জনৰ ঘৰৰ আন পাঁচ জন সদস্যও কৰ’নাত আক্ৰান্ত হোৱাটো স্বাস্থ্য বিভাগে নিশ্চিত কৰে।কৰ’নাত আক্ৰান্ত লোক সকল হ’ল যুৱক জনৰ পিতৃ তথা নগাঁৱৰ বিজেপি নেতা সুভাষ দত্ত,ঘৰৰ আন সদস্য সকল ক্ৰমে নাৰায়ণ দত্ত,সুবীৰ দত্ত সুজয় দত্ত আৰু গীতা দত্ত। এওঁলোকৰ নাছিল কোনো ধৰণৰ ভ্ৰমণ বৃত্তান্ত।
অৱশ্যে এওঁলোক কৰ’না আক্ৰান্তযুৱক জনৰ সংস্পৰ্শলৈ আহিছিল।
জানিব পৰা মতে,যোৱা ১৬জুনৰ নিজা বাহনৰে বিজেপি নেতা সুভাষ দত্তই তেওঁৰ গায়ক পুত্ৰ সুৰজিৎ দত্তৰ সৈতে গুৱাহাটীলৈ গৈছিল। গুৱাহাটীৰ হেঙেৰাবাৰীৰ বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ৰ ওপৰিও দুয়ো ফাঁচী বজাৰস্থ এল আই চিৰ কাৰ্যালয়লৈকো গৈ তাত দুজনমান কৰ্মচাৰীৰ সৈতে বাৰ্তালাপো কৰিছিল।সেই দিনাই তেওঁ লোক নগাঁৱলৈ ওভটি আহে। কিন্তু পাছত সুৰজিৎ দত্ত জ্বৰত আক্ৰান্ত হোৱাত যোৱা ১৯অক্টোবৰত স্বাস্থ্য পৰীক্ষাৰ বাবে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ যায়।সেই দিনাই তেওঁৰ শ্বাৱ সংগ্ৰহ কৰি ক’ভিড-১৯পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।২৩জুনৰ নিশা তেওঁৰ শ্বাৱ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায়।সেই অনুসৰি তেওঁ ক’ভিড-১৯পজিটিভত আক্ৰান্ত হোৱাটো নিশ্চিত কৰে।
সেই দিনাই স্বাস্থ্য বিভাগৰ কৰ্মীয়ে কৰ’না আক্ৰান্ত যুৱক জনক নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯হাস্পতাললৈ আনি তাত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰে। স্মৰ্তব্য যে,সুৰজিৎ দত্তই জ্বৰত আক্ৰান্ত হৈ যোৱা ১৯জুনত চিকিৎসালয়লৈ গৈ ক’ভিড-১৯পৰীক্ষাৰ বাবে শ্বাৱ দিয়ে যদিও তেওঁ হোম কোৱাৰেন্টাইনত থকা নাছিল। ২৪জুনতে স্বাস্থ্য বিভাগে সুৰজিৎ দত্তৰ বাসগৃহৰ মুঠ পাঁচ জন লোকৰেই শ্বাৱ সংগ্ৰহ কৰি তেওঁ লোকক হোম কোৱাৰেন্টাইনৰ পৰামৰ্শ দিয়ে।লগতে তেওঁলোকে বাস কৰা এলেকাটোও কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰে।আজি তেওঁ লোক আটাইৰে নমূণাৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পায় আৰু তেওঁ লোক ক’ভিড-১৯পজিটিভত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হয়। পাচত তেওঁ লোকক স্বাস্থ্য বিভাগৰ লোকে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড-১৯ হাস্পতালত ভৰ্তি কৰায়।