নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুক্তিৰ প্ৰথম সপ্তাহতে ২ কোটিৰ ক্লাবত ব্লকবাষ্টাৰ ডক্তৰ বেজবৰুৱা-২

বিশেষ বাৰ্তা, ৯ ফেব্রুৱাৰীঃ অসমীয়া চিনেমালৈ সোণালী দিন উভতি অহাৰ বাৰ্তা দিলে ডক্তৰ বেজবৰুৱা-২-ই। শ্বাহৰুখনৰ ব্লকবাষ্টাৰ পাঠানকো চেৰ পেলাই অসমীয়া দৰ্শকৰ অভাৱনীয় ভিৰ বাঢ়িল ডক্তৰ বেজবৰুৱা-২ৰ দৰ্শনীত। সেই সূত্ৰেই ২ কোটিৰ ক্লাবত প্ৰৱেশ কৰিলে নিপন গোস্বামী পৰিচালিত তথা আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন আৰু হাৰ্টথ্ৰব জুবিন গাৰ্গ অভিনীত ডক্তৰ বেজবৰুৱা-২-এ। হিন্দী বা আন ভাষাৰ ছবিৰ সমান্তৰালকৈ ক্রমাৎ অসমীয়া ছবিৰ দর্শক বাঢ়িবলৈ আৰম্ভ কৰিছে৷ সেই সুবাদতে এসপ্তাহতে বক্স অফিচত সফলতা লাভ কৰা ছবিখনে ২ কোটিৰো অধিক ধন উপার্জন কৰিবলৈ সক্ষম হৈছে৷ এই কথা সদৰী কৰিছে ছবিখনৰ প্রযোজক ড০ সঞ্জীৱ নাৰায়ণে৷ গুৱাহাটীত এখন সংবাদ মেলত প্ৰযোজকগৰাকীয়ে কয় যে ডক্তৰ বেজবৰুৱা-২ ছবিখনে সকলো অভিলেখ ভংগ কৰিলে৷ তদুপৰি বুক মাই শ্ব’ৰ তালিকাত ১০ৰ ভিতৰত ৯.১ পইণ্ট লাভ কৰিবলৈ ছবিখনে সক্ষম হৈছে৷ সর্বত্র চর্চিত পাঠান ছবিৰ ৰেটিঙকো ডক্তৰ বেজবৰুৱা ২–এ অতিক্রম কৰিছে৷ প্রতিদিনে অসমৰ ছবিঘৰত গড় হিচাপত ২০০টা দর্শনী প্রদর্শন কৰা হৈছে৷ আৰু প্রতিটো দর্শনীয়ে হাউছফুল হিচাপে বিবেচিত হৈছে৷ ১৫০০ দর্শনী সম্পূর্ণ হাউছফুল হোৱাটো অসমীয়া ছবি জগতৰ আন এক অভিলেখ৷ ড০ নাৰায়ণে প্রকাশ কৰা অনুসৰি কেৱল অসমতেই নহয়, দিল্লী, বাংগালুৰু, চেন্নাই আদি ছবিঘৰতো ডক্তৰ বেজবৰুৱা ২ ছবিখনে দর্শকৰ সমাদৰ লাভ কৰিছে৷ আনহাতে, কাইলৈ দেশৰ ১২খন ৰাজ্যৰ ১৯টা ছবিগৃহত ডক্তৰ বেজবৰুৱা ২ মুক্তি দিয়া হ’ব বুলি উল্লেখ কৰি ড০ সঞ্জীৱ নাৰায়ণে কয়– ‘ডুবাই, অষ্ট্রেলিয়া, কানাডা, ওমান আদি দেশৰ পৰা ছবিখন প্রদর্শন কৰিবলৈ আমাক আহ্বান জনাইছে৷ দর্শকৰ এনে সহাৰিত আমি অভিভূত হৈ পৰিছো৷ অচিৰেই আমি ছবিখন ইংৰাজী ছাব টাইটেল কৰি প্রদর্শনৰ ব্যৱস্থা কৰিম৷ তদুপৰি অতি সোনকালে হিন্দী ভাষালৈ ডক্তৰ বেজবৰুৱা-২ ডাবিং কৰা হ’ব৷ ছাব টাইটেল আৰু ডাবিঙৰ উপৰিও ছবিখন ভ্রাম্যমাণ প্রদর্শনীৰ জৰিয়তে গাঁৱে–ভূঞে দর্শকৰ মাজলৈ আমি লৈ যোৱাৰ ব্যৱস্থা কৰিছো৷’ মুক্তিৰ প্রথম সপ্তাহতে দর্শকৰ পৰা লাভ কৰা সহাৰিৰ বাবে তেওঁ সকলোলৈ কৃতজ্ঞতা প্রকাশ কৰে৷ আনহাতে, সংবাদ মেলত উপস্থিত থকা প্রযোজক অক্ষতা নাৰায়ণে কয় যে অসমীয়া ছবিলৈ পুনৰ সোণালী যুগ ঘূৰি আহিছে৷ ছবিখনে লাভ কৰা সঁহাৰিয়ে প্রমাণ কৰিছে যে দর্শকে ভাল ছবি উপভোগ কৰিবই৷ এতিয়াৰে পৰা দায়িত্ব বৃদ্ধি হ’ল৷ অসমৰ দর্শকক ভাল ছবি উপহাৰ দিয়াটোৱেই সকলোৰে দায়িত্ব৷ এই দায়িত্ব পালন কৰিবলৈ তেওঁলোক সক্ষম হ’ব বুলি উল্লেখ কৰি তেওঁ কয়– ‘দক্ষিণৰ ছবিয়ে যিদৰে নিজৰ স্বকীয়তা বজাই ৰাখি ছবি নির্মাণ কৰি সফল হৈছে, ঠিক একেদৰে আমিও অসমীয়া ছবিক এটা স্তৰলৈ নিয়াৰ প্রয়াস কৰিম৷’ একে সময়তে সংবাদ মেলত তেওঁলোকে প্রকাশ কৰা অনুসৰি যিসমূহ স্থানত ছবিগৃহ নাই, সেই স্থানত দর্শকসকলেও যাতে ডক্তৰ বেজবৰুৱা ২ উপভোগ কৰিব পাৰে তাৰ বাবে পৰিবহণৰ ব্যৱস্থা কৰি দিব বুলিও উল্লেখ কৰে৷ সংবাদ মেলত উপস্থিত থাকি ছবিখনৰ গুৰুত্বপূর্ণ চৰিত্রত অভিনয় কৰা জুবিন গার্গেও দর্শকসকললৈ ধন্যবাদ জ্ঞাপন কৰে৷

You might also like