নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘তিৱা পৰিষদীয় নিৰ্বাচনত ৩০টাতকৈ অধিক আসনত জিকিব বিজেপি’

নিয়মীয়া বার্তা, ১৭ ডিচেম্বৰঃ আজি তিৱা স্বায়িত্ব পৰিষদৰ নিৰ্বাচন। পুৱাৰে পৰা ৩৫টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। মৰিগাওঁ, নগাওঁ, কামৰূপ, হোজাইত অনুষ্ঠিত হৈছে নিৰ্বাচন।

আনহাতে পুৱাই মন্ত্ৰী পীয়ূষ হাজৰিকাই পত্নীসহ ভোটগ্ৰহণ কেন্দ্ৰত উপস্থিত হৈ ভোটদান সাব্যস্ত কৰে। ভোটদান সাব্যস্ত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আজিকালি ৰাইজ বহুত সজাগ হৈছে। ভোটদান কৰিবলৈ নিজে নিজেই আগবাঢ়ি আহে। আমাৰ এই অঞ্চলত ৮০ শতাংশৰ অধিক ভোটদান হয়। এই নিৰ্বাচনত আমাৰ দল জিকিব। অসমৰ সকলো ফালেই এতিয়া বিজেপি বিদ্যমান। ৩৫টা সমষ্টিৰ ৩০টা সমষ্টিতে বিজেপি জয়ী হব। জাগীৰোডৰো গোটেইকেইটা সমষ্টিত বিজেপি জয়ী হ’ব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

You might also like