নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখবৰঃ বিশ্বৰ সৰ্ববৃহৎ ই-স্কুটাৰ কাৰখানা হ’ব ভাৰতত! সুযোগ ১০,০০০ কর্মসংস্থানৰ

নিয়মীয়া বার্তা, ১৭ ডিচেম্বৰঃ অচিৰেই এপ কেব সেৱা কোম্পানী Ola য়ে ভাৰতত এটা ই-স্কুটাৰ নিৰ্মাণ কাৰখানা নিৰ্মাণ কৰিব। কোম্পানীটোৱে তামিলনাডুত তেওঁলোকৰ প্ৰস্তাৱিত কাৰখানাত ২,৪০০ কোটি টকা বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে। কোম্পানীটোৱে দাবী কৰিছে যে ই হ’ব বিশ্বৰ সৰ্ববৃহৎ ই-স্কুটাৰ নিৰ্মাণৰ কাৰখানা।

লগতে পঢ়কঃ দ্বিতীয়বাৰ মাতৃ হোৱাৰ পূৰ্বে মোহময়ী অভিনেত্ৰী কৰিনাৰ ফটোশ্বুট

ভাৰতক বিদ্যুৎ চালিত গাড়ী তৈয়াৰ কেন্দ্রলৈ পৰিণত কৰাৰ লক্ষ্য লৈছে Softbank-ৰ বিনিয়োগপ্রাপ্ত এই সংস্থাটোৱে।

ইতিমধ্যে, Ola-য়ে কাৰখানাটো নিৰ্মাণৰ বাবে তামিলনাডু চৰকাৰৰ সৈতে এক চুক্তি কৰিছে। Ola য়ে এই কাৰখানা তৈয়াৰ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘আত্মনির্ভৰ ভাৰত’ গঢ়াৰ পৰিকল্পনাৰ সৈতে অংশগ্ৰহণ কৰিছে।

লগতে পঢ়কঃ এতিয়াৰে পৰা আপল’ড বা ডাউনল’ড কৰিব পৰা নাযাব পৰ্ণ…

জানিব পৰা গৈছে যে কাৰখানাটো কাৰ্যক্ষম হোৱাৰ পিছত প্ৰায় ১০,০০০ চাকৰি বা কর্মসংস্থান সৃষ্টি কৰিব। কোম্পানীটোৱে দাবী কৰে যে কাৰখানাটোৱে বাৰ্ষিক ২০ লাখ ই-স্কুটাৰ প্ৰস্তুত কৰিবলৈ সক্ষম হ’ব।

You might also like