নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দ্বিতীয়বাৰ মাতৃ হোৱাৰ পূৰ্বে মোহময়ী অভিনেত্ৰী কৰিনাৰ ফটোশ্বুট

নিয়মীয়া বাৰ্তা, ‍১৭ ডিচেম্বৰঃ দ্বিতীয়বাৰৰলৈ মাতৃ হ’বলৈ উলাইছে বলীউডৰ অভিনেত্ৰী কৰিনা কাপুৰ খান। আৰু মাত্ৰ কেইদিনমানৰ অপেক্ষা। তাৰ পিছতে নৱাব পৰিয়ালটোলৈ আহিব এগৰাকী নতুন আলহি।

লগতে পঢ়কঃ এতিয়াৰে পৰা আপল’ড বা ডাউনল’ড কৰিব পৰা নাযাব পৰ্ণ…

অভিনেত্ৰীগৰাকীয়ে প্ৰমাণ কৰিছে যে তেওঁ গৰ্ভৱতী হ’লেও নিজৰ ফেশ্বন বৃতি বজাই ৰাখিব পাৰে।

নতুন মেটাৰনিটিৰ উপৰিও, শীতৰ পোছাকত সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে কৰিনাই।

শেহতীয়াকৈ, তেওঁৰ জনপ্ৰিয় ৰেডিঅ’ শ্ব’ “হোৱাট ওমেন ৱাণ্ট”ৰ এটা খণ্ডত এটা বডী-হগিং ক’লা পোছাক পিন্ধিছিল।

কেইদিনমান আগতে, পাতল গোলাপী ৰঙা স্পৰ্টছ পোছাকত তেওঁৰ এখন ফটো বহু চৰ্চিত হৈছিল।

জানিব পৰা মতে কৰিনা বৰ্তমান সাত মাহৰ অন্তঃসত্ত্বা। গৰ্ভধাৰণৰ এই সময়তো নিজৰ সুন্দৰ চেহেৰা বজাই ৰাখিছে মোহময়ী অভিনেত্ৰী কৰিনাই।

You might also like