নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাঃ বিক্রমজিৎ বৰুৱাৰ সন্ধান লাভৰ প্রার্থনাৰে ব্রহ্মপুত্রক পূজা

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ অদৃশ্যজনক সুঁৱৰি দুর্ভগীয়া যাত্রীৰ সন্ধানত অৱশেষত মহাবাহু ব্রহ্মপুত্রৰ শৰণাপন্ন হ’ল আত্মীয়৷ এক মর্মন্তুদ দৃশ্য৷ তিনি দিনে ভৰা লুইতৰ বুকুত নিখোজ হৈ থকা সৰবৰহী চিকিৎসক ডাঃ বিক্রমজিৎ বৰুৱাৰ পত্নী–আত্মীয়ৰ কৰুণ বিননিয়ে আজি কঁপাই তুলিলে নিমাতীঘাট৷ তেওঁলোকৰ এতিয়াও আশা– ডাঃ বিক্রমজিৎ বৰুৱাৰ লগতে আনজন নিৰুদ্দিষ্ট ইন্দ্রেশ্বৰ বৰাক ভগৱানে এতিয়াও সুকলমে ৰাখিছে৷

সেই আশাৰেই শুকুৰবাৰে পুৱাই ডাঃ বিক্রমজিৎ বৰুৱাৰ পৰিয়ালে নিমাতীঘাটলৈ আহি ধূপ–চাকি জ্বলাই মহাবাহুৰ শৰণাপন্ন হৈ পূজা–র্চনাৰে ভগৱানৰ ওচৰত সন্ধানহীন দুজনৰ প্রাণভিক্ষা কৰে৷ যিকোনো মূল্যৰ বিনিময়ত পৰিয়ালক লাগে ডাঃ বিক্রমজিৎ বৰুৱাক৷ পৰিয়ালৰ সদস্যসকলে কান্দি কান্দি ভগৱানক প্রাণভিক্ষা কৰা দৃশ্য আছিল অতি মর্মান্তিক৷

নিমাতীঘাটত সন্ধানহীন হৈ থকা ডাঃ বিক্রমজিৎ বৰুৱাৰ পত্নীয়ে হিয়া ঢাকুৰি কান্দি কান্দি কয়– এতিয়াও মই আশাৰে বাট চাই আছোঁ৷ এই ঘটনা মোৰ বাবে সপোনৰো অগোচৰ৷ ঘৰৰ পৰা মাজুলীলৈ চিকিৎসা সেৱা আগবঢ়াবলৈ যোৱাৰ পূর্বে মোক কি পিন্ধিব, কোনযোৰ কাপোৰেৰে ভাল লাগিব সেই কথাও সুধি পিন্ধি যোৱা মানুহজন যে পুনৰ ঘূৰি নাহিব, সেয়া মই কেতিয়াও মানি ল’ব নোৱাৰোঁ৷

উল্লেখ্য যে দুটা সন্তানৰ পিতৃ ডাঃ বিক্রমজিৎ বৰুৱা সকলোৰে প্রিয় আছিল৷ কোনোৱে বেয়া নোপোৱা মানুহজন পুনৰ ঘূৰি আহিব বুলি পত্নীয়ে আশাৰে বাট চাই আছে৷ ডাঃ বিক্রমজিৎ বৰুৱাৰ মাতৃয়ে কান্দি কান্দি শোকত ভাগি পৰে নিমাতীঘাটত৷ শোকবিহ্বল মাতৃয়ে কয়– মোৰ আৰু ক’বলৈ কোনো ভাষা নাই৷ কেনেকৈ সি আমাৰ মাজৰ পৰা হেৰাই গ’ল, সেই কথা মই ভাবিব নোৱাৰোঁ৷

You might also like