নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৮ ছেপ্টেম্বৰৰ পৰা অসম টি–২০ চেলেঞ্জার্ছ ট্রফী ক্রিকেট

নিয়মীয়া বাৰ্তা, ১১ ছেপ্টেম্বৰঃ আগন্তুক ঘৰুৱা ক্রিকেটৰ প্রতি লক্ষ্য ৰাখি অসম ক্রিকেট সন্থাই অহা ১৮ ছেপ্টেম্বৰৰ পৰা আয়োজন কৰিছে অসম টি–২০ চেলেঞ্জার্ছ ট্রফী নামৰ এখন নতুন ক্রিকেট প্রতিযোগিতা৷ বর্ষাপাৰাস্থিত এ চি এৰ প্রেক্ষাগৃহত শুকুৰবাৰে আয়োজিত এক সংবাদ মেলত এই কথা ঘোষণা কৰে সম্পাদক দেৱজিৎ শইকীয়াই৷

জজ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই প্রতিযোগিতাৰ পৰাই আগন্তুক ছৈয়দ মোস্তাক আলী টি–২০ ট্রফীৰ বাবে অসম দল ঘোষণা কৰা হ’ব৷ প্রতিযোগিতাখনত অংশ ল’বলগীয়া দলকেইটা হ’ল বৰাক ব্রেভহার্টছ, মানস টাইগার্ছ, ব্রহ্মপুত্র বয়জ, দিহিং পাটকাই ৰাইডার্ছ, কাজিৰঙা হিৰ’জ আৰু সোৱণশিৰি চেম্পছ৷

অসম ক্রিকেট সন্থাই এইবাৰ বর্ষাপাৰা ষ্টেডিয়ামত মুস্তাক আলী টি–২০ ট্রফীৰ লগতে পুৰুষৰ ২৫ বছৰ অনূর্ধ্ব ৰাজ্যিক এদিনীয়া প্রতিযোগিতা আৰু ছিনিয়ৰ মহিলা টি–২০ ট্রফীৰ দৰে বি চি চি আইৰ আগশাৰীৰ প্রতিযোগিতাৰ মেচ আয়োজন কৰিব বুলিও সম্পাদক দেৱজিৎ শইকীয়াই সংবাদ মেলত জানিবলৈ দিয়ে৷

You might also like