নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চেঙাৰ নিচানৰচৰত ৰাইজে নাও চোৰক ধৰি গতালে আৰক্ষীক

নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ বৰপেটাৰ চেঙা সমষ্টিৰ আলোপতিচৰ থানাৰ অন্তৰ্গত নিচানৰচৰত এজন নাওচোৰক হাতে-লোটে ধৰি উত্তম-মধ্যম শোধাই গতাই দিয়ে আৰক্ষীক।ধৃত চোৰজনৰ নাম মেহবুব আলম। চুৰিকাণ্ডত সিদ্ধহস্ত। মোবাইল ফোনৰ পৰা টকা আনকি পোহনীয়া হাঁহটোলৈ চুৰি কৰি মেহবুবে অঞ্চলজুৰি বিয়পাইছিল সন্ত্ৰাস। মেহবুবক ৰাইজে হাতে-লোটে ধৰিলে নাওচুৰি কাণ্ডত। কালি সন্ধিয়া নৈৰ ঘাটত বান্ধি ৰখা হাত নাও এখন চুৰি কৰি নিব খোজোঁতেই ধৰা পৰে ৰাইজৰ হাতত। অভিযোগ অনুসৰি নিচানৰচৰ গাঁৱৰ মেহবুব নামৰ যুৱকজন বিভিন্ন চুৰিকাৰ্যত জড়িত। নাওচুৰিৰ পূৰ্বেও মেহবুবে গাঁওখনত সংঘটিত কৰিছে একাধিক চুৰিকাণ্ড। টকা, মোবাইল ফোন, নাও আনকি পোহনীয়া হাঁহ পৰ্যন্ত চুৰি কৰাৰো অভিযোগ আছে মেহবুবৰ বিৰুদ্ধে। অৱশেষত নাওচুৰি কাণ্ডত ৰাইজে আটক কৰি প্ৰথমে গাঁওৰক্ষী বাহিনীক আৰু পাছলৈ আৰক্ষীক চমজাই দিয়া হয় যুৱকজনক।

প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like