নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুমাহ পুৰণি কবৰ খান্দি উলিয়ালে মৃতদেহ, দলগাঁও আৰক্ষীৰ পাঁচ অভিযুক্তক গ্রেপ্তাৰ

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ এক চাঞ্চল্যকৰ হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ গৈ দৰঙৰ দলগাঁও শিয়ালমাৰীত কালি দুমাহ পুৰণি এক কবৰ খান্দি আৰক্ষীয়ে মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে৷ শেহতীয়াভাৱে দলগাঁও আৰক্ষীয়ে কালি আবেলিৰ ভাগত এই হত্যাকাণ্ডত জড়িত ৫টা অভিযুক্তক কৰায়ত্ত কৰাত সফল হৈছে৷

ধৃত অভিযুক্তকেইজন ক্রমে হানিফ আলী (৫০), ছোলেমান আলী (৩৫), মিস্কিন আলী (৩০) আৰু ফকিৰ আলী (৩০)৷ লক্ষণীয় যে দৰং জিলাৰ দলগাঁও থানাৰ অন্তর্গত ২নং শিয়ালমাৰী গাঁৱত কালি পুৱাতে প্রায় দুমাহ পুৰণি এটা মৃতদেহ কবৰ খান্দি উলিয়ায়৷ দলগাঁও আৰক্ষীয়ে হত্যাকাণ্ডৰ ঘটনাক কেন্দ্র কৰি পৰহি নিশা চৰফৰাত আলী নামৰ এটা অভিযুক্তক কৰায়ত্ত কৰিছিল আৰু চৰফৰাতৰ স্বীকাৰোক্তিৰ ভিত্তিত এনেদৰে আগবাঢ়ে তদন্ত৷

উল্লেখ্য যে ২নং শিয়ালমাৰী গাৱৰ হাৰুণ আলী নামৰ ৫০ বছৰীয়া ব্যক্তি এজন নিৰুদ্দেশ হৈ থকাৰ পিছত ১৪ জুলাইত মৃতদেহটো উদ্ধাৰ কৰা হৈছিল৷ হাৰুণৰ পুত্রই এই ঘটনাক সহজভাৱে নলৈ কোনোবাই হত্যা কৰা বুলি অভিযোগ কৰিছিল৷ পিছে গাঁৱৰ ৰাইজৰ বুজনিত সাধাৰণ মৃত্যু বুলি ভাবি ঘৰৰ ওচৰতে পিতৃক কবৰ দিছিল৷

হাৰুণক কবৰ দিয়াৰ পিছত অপৰাধী চক্রৰ মুখেৰেই লাহে লাহে বিষয়বোৰ পোহৰলৈ আহে আৰু ঘটনাৰ দুমাহ পিছত হাৰুণ আলীক হত্যা কৰা হৈছিল বুলি সন্দেহ কৰি পুত্র নজৰুলে ১২ ছেপ্টেম্বৰত দলগাঁও থানাত এখন এজাহাৰ দাখিল কৰে৷ দলগাঁও আৰক্ষীয়ে এজাহাৰখন গুৰুত্বসহকাৰে লৈ ৪৬৩/২০ নম্বৰৰ গোচৰ এটাও ৰুজু কৰে৷

এই গোচৰৰ ভিত্তিতে হত্যাৰ তদন্ত আৰম্ভ কৰে আৰু ব্যক্তিজনক হত্যাৰ সন্দেহত আৰক্ষীয়ে গাঁওখনৰ ছৰফৰাত আলীক আটক কৰে৷ পিছত ছৰফৰাতৰ স্বীকাৰোক্তিৰ ভিত্তিত দণ্ডাধীশ শৰৎ গগৈৰ উপস্থিতিত কালি দলগাঁও থানাৰ আৰক্ষীৰ এটা দলে কবৰৰ পৰা খান্দি গেলি–পচি যোৱা মৃতদেহটো উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷

চৰফৰাতে এই হত্যাকাণ্ডৰ সৈতে আৰু চাৰিজন জডিত থকা বুলি প্রকাশ কৰিছিল৷ অভিযুক্তকেইজন পুৱাৰ ভাগত পলাতক হৈ আছিল৷ কিন্তু দলগাঁও থানাৰ উপ–পৰিদর্শক আব্বাচ আলীয়ে ক্ষিপ্র তদন্তমর্মে আবেলিৰ ভাগত চাৰিওটাকে কৰায়ত্ত কৰি আদালতত হাজিৰ কৰে৷

আদালতে আটাইকেইজনকে আৰক্ষীৰ জিম্মাত দিয়াৰ পিছতে হাৰুণক কিয় আৰু কিদৰে হত্যা কৰা হৈছিল সমস্ত বিষয় পোহৰলৈ আহিব বুলি আশা কৰা হৈছে৷

You might also like