নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপিএফে মানৱ সম্পদ উন্নয়নৰ কোনো ব্যৱস্থাই নকৰিলেঃ প্রমোদ বড়ো

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ ‘আমাৰ বর্তমানৰ শিক্ষানীতিয়ে মানৱ সম্পদ গঢ় দিয়াত সম্পূর্ণ বিফল হৈছে৷ আমি যি শিক্ষা ল’লোঁ ইয়াৰ জৰিয়তে মানুহক চাকৰি দিব পৰা নাই, সংস্থাপন দিব পৰা নাই৷ আমি কিন্তু বিটিআৰত বিশ্বৰ সর্বশ্রেষ্ঠ শিক্ষানীতি বলৱৎ কৰাৰ পৰিকল্পনা তৈয়াৰ কৰিছোঁ৷ আনৰ হওক বা নহওক, বিটিআৰত ইয়াৰ ব্যৱস্থা কৰিমেই৷’ –এই ভাষ্য ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৰ৷

কালি ভেৰগাঁৱৰ ২নং আমগুৰিত দলীয় নির্বাচনী সভাত অংশ লৈ এইদৰে কয় সভাপতি বড়োৱে৷ ৩২নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ নাগাচুবা প্রাইমাৰী ইউপিপিএল কমিটীৰ উদ্যোগত অনুষ্ঠিত নির্বাচনী সভাত মুখ্য অতিথি হিচাপে অংশ লৈ তেওঁ কয়– বিগত বছৰত বিপিএফে মানৱ সম্পদ উন্নয়নৰ বাবে কোনো কাম নকৰিলে৷ কেৱল জনসাধাৰণক আভুৱা–ভাঁৰি লুণ্ঠন, শোষণ আৰু বঞ্চনাহে কৰিলে৷ ইউপিপিএল দলে ৰাইজৰ চৰকাৰ দিব বিচাৰিছোঁ, য’ত জনসাধাৰণে দূৰলৈ কাকো বিচাৰি যাব নালাগে৷

স্থানীয় এলেকাতে থাকি সকলো তথ্য আদান–প্রদান কৰিব পাৰে তাৰ বাবে ই–গৱর্নেন্স ব্যৱস্থা কৰিম৷ নাগাচুবা প্রাইমাৰী ইউপিপিএল সমিতিৰ সভাপতি দাউহাৰু বডোৱে সঞ্চালনা কৰা সভাত নেতাগৰাকীয়ে আৰু কয়– বিগত সময়ছোৱাত কাম কৰাৰ চৰকাৰ নাছিল, ধোদৰ পচলাৰ চৰকাৰহে আছিল৷

আমি ইউপিপিএল দলে কাম কৰিবলৈহে আহিছোঁ আৰু আমি কাম কৰিম৷ বিধায়িকা কমলী বসুমতাৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে ইউ পি পি এলৰ সভাপতি বড়োৱে৷ এবছুৰ প্রাক্তন উপ–সভাপতি ৰোমি’ পি নার্জাৰীয়ে দীঘলীয়া ভাষণেৰে বিটিআৰ চুক্তিত কি কি দফা আৰু কি কি সুবিধা আছে, ইয়াৰ জৰিয়তে কাৰ কেনেকৈ লাভ হ’ব এই আটাইবোৰ কথা ব্যাখ্যা কৰে৷

সভাত ইউপিপিএলৰ মনোনীত প্রার্থী ৩২নং ভেৰগাঁও পৰিষদীয় সমষ্টিৰ দাউবাইচা বড়ো, ৩৩নং ননৈ ছেৰফাং সমষ্টিৰ কৃষ্ণ বাহাদুৰ গিৰি, ৩৪নং খালিংদুৱাৰ সমষ্টিৰ দিলীপ কুমাৰ বডো আৰু ৩৪নং মুদৈবৰী সমষ্টিৰ এন্থনী বসুমতাৰীসহ ভেৰগাঁও জিলা ইউপিপিএলৰ সভাপতি নন্দৰাম বডো, সম্পাদক ৰাজেন বডো, জিলা নির্বাচনী পর্যবেক্ষক খগেন ডেকা, ৰুদ্র বাহাদুৰ ছেত্রী প্রমুখ্যে বহু দলীয় নেতা আৰু পাঁচ সহস্রাধিক সমর্থকে অংশগ্রহণ কৰে৷

You might also like