নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপাত শিশুক যৌন নির্যাতন বৃদ্ধৰ

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তর্গত চলন্তাপাৰা চতুর্থ খণ্ড গাঁৱত এজন বৃদ্ধই শিশুক ধর্ষণ কৰা ঘটনাই অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে৷

ঘটনাৰ লগত জডিত বৃদ্ধজনক ইতিমধ্যে যোগীঘোপা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা বৃদ্ধজন হ’ল চলন্তাপাৰা চতুর্থ খণ্ড গাঁৱৰ ছমেৰ আলী (৫৮)৷

চলন্তাপাৰা চতুর্থ খণ্ড গাঁৱৰ ছমেৰ আলীয়ে যোৱা পৰহি দুপৰীয়া ১২ বজাত একে গাঁৱৰে এটি শিশুক ফুচুলাই নিজ ঘৰলৈ নি ধর্ষণ কৰে৷ ঘটনা সন্দর্ভত শিশুটিৰ পৰিয়ালে যোগীঘোপা থানাত
এখন এজাহাৰ দাখিল কৰে৷

যোগীঘোপা আৰক্ষীয়ে এজাহাৰৰ ভিত্তিত ৩০৬/২০ নম্বৰৰ এটা গোচৰৰ পঞ্জীয়ন কৰি ছমেৰ আলীক গ্রেপ্তাৰ কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

You might also like