“ইলোৰা বিজ্ঞান মঞ্চ” বকো শাখাৰ তৃতীয় বাৰ্ষিক সাধাৰণ সভা সম্পন্ন
নিয়মীয়া, ২৫ মাৰ্চ – বৌদ্ধিক বিজ্ঞান মনস্কতাক সমাজ আৰু সামাজিক ক্ষেত্ৰত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহা স্বেচ্ছাসেৱী মঞ্চ ” ইলোৰা বিজ্ঞান মঞ্চ ” অসমৰ কামৰূপ জিলাৰ বকো শাখাৰ তৃতীয় বাৰ্ষিক সাধাৰণ সভা খন আজি সমাপন কৰা হয়। বৃহত্তৰ অঞ্চলটোৰ সমাজ আৰু সামাজিক ক্ষেত্ৰত বিশেষ অৰিহণা আগবঢ়োৱা ব্যক্তিসকলৰ জ্যেষ্ঠ্য মঞ্চ ইলোৰা বিজ্ঞান মঞ্চ বকো শাখাৰ সভাপতি গৌৰাংগ ঠাকুৰীয়াৰ সঞ্চালনাত অনুষ্ঠিত হয় তৃতীয় বাৰ্ষিক সাধাৰণ সভা খন। মঞ্চৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ৰয়ে সভাৰ আত ধৰে । বিজ্ঞান মঞ্চৰ সাধাৰণ সভাৰ কাৰ্য্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে সভাপতি গৌৰাংগ ঠাকুৰীয়াই। পতাকা উত্তোলনৰ পিছতে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে সাধাৰণ সভাৰ কাৰ্য্যসূচী। বকোৰ অৱসৰ প্ৰাপ্ত কৰ্মচাৰী মঞ্চৰ কাৰ্য্যালয়ৰ সভাগৃহত আয়োজন কৰা অনুস্থানত অংশগ্ৰহণ কৰে জ্যেষ্ঠ্য সমাজ কৰ্মী ৰমেশ চন্দ্ৰ ডেকা ; লক্ষ্মীকান্ত শৰ্মা ; যাদৱ চন্দ্ৰ ৰাভা ; অৰবিন্দ চৌধুৰী ; খগেন্দ্ৰজীৎ ঠাকুৰীয়া ; দীপক দৈমাৰী ; কৰুণা কলিতা ; ৰীতাঞ্জলী কলিতা ; অৰ্চিতা কলিতা ; হিমাক্ষী ডেকা চৌধুৰী ; বিশিষ্ট শিক্ষাবিদ তথা চলচ্চিত্ৰ পৰিচালক ঘনশ্যাম কলিতা ; গিৰিধাৰী অধিকাৰী ; এছ আৰ এম মৃদুলকে ধৰি বহু কেইজন বিশিষ্ট সমাজ সংগঠকে। সভাত সম্পাদকীয় প্ৰতিবেদন পাঠ ; হিচাব পৰীক্ষকৰ প্ৰতিবেদন পাঠ আৰু অনুমোদন কৰাৰ পিছত পুৰণি ভংগ কৰাৰ পিছতে নতুন সমিতি গঠন কৰা হয়। সভাই সৰ্বসন্মতিক্ৰমে পুৰণা সমিতিৰ সভাপতি গৌৰাংগ ঠাকুৰীয়াক পুনৰ সভাপতি ; খগেন্দ্ৰজীৎ ঠাকুৰীয়াক কাৰ্য্যকৰী সভাপতি ; সুৰেণ চন্দ্ৰ কলিতা আৰু ৰীতাঞ্জলী কলিতাক উপ সভাপতি ; পুনৰ সাধাৰণ সম্পাদক হিচাপে অপূৰ্ব কুমাৰ ৰয়ক আৰু বিশিষ্ট সাংস্কৃতিক কৰ্মী ঘনশ্যাম কলিতা আৰু সাংবাদিক বিষ্ণু ৰাম দাসক যুটীয়া সম্পাদক হিচাপে মনোনীত কৰি গঠন কৰে ইলোৰা বিজ্ঞান মঞ্চ বকো শাখা পৰিচালনা সমিতি খন। সমিতি খনত কেৱাজনো কাৰ্য্যকৰী বিষয় ববীয়া আৰু উপদেষ্টা মনোনীত কৰা হয়। সভাই অহা ৭ ; ৮ আৰু ৯ এপ্ৰিলত তেজপুৰত হ’ব লগা কেন্দ্ৰীয় সমিতিৰ বাৰ্ষিক অধিবেশনত অংশগ্ৰহণ কৰা সম্পৰ্কে আলোচনা কৰি প্ৰতিনিধি ঠিৰাং কৰা হয়। সভাত আগন্তুক দিনত ইলোৰা বিজ্ঞান মঞ্চক অধিক গতিশীল কৰি তুলি স্থান ভেদে সম্প্ৰসাৰণ কৰি সমাজৰ লগতে ছাত্ৰ ছাত্ৰীৰ মাজত গুণগত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।