নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ প্ৰাক্তন ছাত্ৰ নেতা শ্যামল সান্যালৰ দেহাৱসান

নিয়মীয়া বাৰ্তা, ২৫ মাৰ্চ: এসময়ৰ ধুবুৰীৰ জনপ্ৰিয় ছাত্ৰ নেতা শ্যামল সান্যাল আৰু নাই। যোৱাকালি গুৱাহাটীত শেষ নিঃশ্বাস ত্যাগ কৰে তেওঁ। যোৱাকালিয়েই পৰিয়ালবৰ্গ আৰু অসংখ্য গুণমুগ্ধৰ উপস্থিতিত ধুবুৰী শ্মশানত শেষকৃত্য সম্পন্ন কৰা হয় তেখেতৰ নশ্বৰ দেহৰ। মৃত্যুৰ সময়ত তেওঁ বয়স হৈছিল মাথো ৫৭ বছৰ। ১৯৬৭ চনৰ ১৫ আগষ্টৰ দিনা ধুবুৰীৰ আৰ. কে. মিছন ৰোডত জন্মলভা প্ৰয়াত সান্যালে চহৰখনৰ বিদ্যাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিল। ইয়াৰ পিছত তেওঁ ভৰ্তি হৈছিল ধুবুৰীৰ ঐতিহ্যমণ্ডিত ভোলানাথ মহাবিদ্যালয়ত। কলেজীয়া জীৱনত তেওঁ বাওঁপন্থী ছাত্ৰ সংগঠন এছ.এফ.আই.ত যোগ দিছিল আৰু ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সহঃ সাধাৰণ সম্পাদক ৰূপে নিৰ্বাচিত হৈছিল। কেইবছৰ মান পিছত প্ৰয়াত শ্যামল সান্যালে সদৌ অসম ছাত্ৰ সন্থা (আছু)ত যোগদান কৰে আৰু ভোলানাথ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হয়। স্নাতক ডিগ্ৰী লাভ কৰি তেওঁ ধুবুৰী আইন মহাবিদ্যালয়ত ভৰ্তী হয় আৰু এইখন মহাবিদ্যালয়ৰো ছাত্ৰ একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদকৰূপে নিৰ্বাচিত হৈছিল তেওঁ। ৰাজনৈতিক জীৱনত শ্যামল সান্যালে প্ৰথমে প্ৰয়াত ভৃগু ফুকনৰ নঅগপ দলত যোগ দিছিল। পিছলৈ গৈ তেওঁ অগপলৈ আহে। ৰাজনৈতিক জীৱনৰ অন্তিম ফালে প্ৰয়াত সান্যালে কংগ্ৰেছ দলত যোগদান কৰিছিল। ৰাজনৈতিক জীৱনৰ সমান্তৰালকৈ কৰ্মজীৱনত ধুবুৰীৰ এগৰাকী প্ৰতিষ্ঠিত ঔষধৰ ব্যৱসায়ীও আছিল তেওঁ। দীৰ্ঘ বহু বছৰ “ধুবুৰী ড্ৰাগছ ডিলাৰ এচোছিয়েছন”ৰ সম্পাদকৰ দায়িত্বত আছিল প্ৰয়াত সান্যাল। প্ৰায় ১০ বছৰ মান পূৰ্বে গুৱাহাটীত নিগাজীকৈ থাকিব লৈছিল আৰু যোৱাকালি তাতেই তেওঁৰ মৃত্যু হয়। উল্লেখ্য যে, দীৰ্ঘ বহু বছৰৰ পৰাই প্ৰাক্তন এই ছাত্ৰ নেতাগৰাকী মধুমেহ ৰোগত ভূগি আছিল। মৃত্যুৰ সময়ত পত্নী আৰু দুই কন্যাসহ অসংখ্য গুণমুগ্ধক এৰি থৈ যায় তেওঁ।

You might also like