বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বিহু নৃত্য আৰু ঢোল বাদন প্ৰশিক্ষণ কৰ্মশালাৰ সামৰণি
নিয়মীয়া বাৰ্তা ;১২ এপ্ৰিল – অসমীয়াৰ প্ৰাণৰো প্ৰাণ বাপতি সাহোন বহাগ মাহৰ ৰঙালী বিহু এই বৰ্ষও কামৰূপ জিলাৰ বকোত বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীৰ উদ্যোগত পালনৰ প্ৰস্তূতি চলিছে। এই বেলি বকো আঞ্চলিক ৰঙালী বিহু সন্মিলনীয়ে ৫৫ সংখ্যক বৰ্ষৰ বাবে বিহুৰ আয়োজন কৰিছে। সেই উপলক্ষে বিহু উদযাপন সমিতিৰ উদ্যোগত বৃহত্তৰ অঞ্চলটোৰ কিশোৰ কিশোৰীৰ আৰু যুৱক যুৱতীৰ অংশগ্ৰহণত আয়োজন কৰে বিহু নৃত্য আৰু ঢোল বাদন প্ৰশিক্ষণ কৰ্মশালা এখন। ইফালে যোৱা ১ এপ্ৰিলত বকো আঞ্চলিক ৰঙালী বিহু সন্মিলন উৎযাপন স্থলীত এক জনসমাগমৰ মুহুৰ্তত বিহু নৃত্য আৰু ঢোল বাদন প্ৰশিক্ষণ কৰ্মশালা আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে বকোৰ বিশিষ্ট ধৰ্মপ্ৰাণ ব্যক্তি তথা প্ৰবীণ শিল্পী যতীন পাঠকে আৰু সহযোগ কৰে ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাধাৰণ পাৰিষদ অৰ্জুন চেত্ৰীয়ে। ৫৫ সংখ্যক বকো আঞ্চলিক ৰঙালী বিহু সন্মিলন উৎযাপন সমিতিৰ সভাপতি ধনঞ্জয় মেধি আৰু সাধাৰণ সম্পাদক গোবিন্দ দলৈয়ে জনোৱা মতে বিহু প্ৰশিক্ষণ কৰ্মশালাত প্ৰশিক্ষক তথা সমল ব্যক্তি হিচাবে উপস্থিত থাকে পবিত্ৰ বৰুৱা ; ইন্দিৰা বৰ্মন ; জুনু দাস আৰু উমাকান্ত দাসৰ উপৰিও বহু কেইজন প্ৰশিক্ষক। বিহু প্ৰশিক্ষণ কৰ্মশালাত প্ৰায় তিনি শ পঞ্চাশ গৰাকী শিক্ষাৰ্থীয়ে যোগদান কৰে। বিহু উদযাপন সমিতিৰ উপ সভাপতি পৱন কলিতাই জনোৱা মতে ; বিহু নৃত্য আৰু ঢোল বাদন প্ৰশিক্ষণ কৰ্মশালা ১২ এপ্ৰিলত সামৰণি পৰে যদিও প্ৰশিক্ষাৰ্থী সকলোৰ সহযোগ আৰু অভিভাৱকৰ অনুৰোধত আৰু দুদিন বঢ়াই দিয়া হৈছে। সেয়ে ১৪ এপ্ৰিলত বিহুৰ শুভাৰম্ভণি তথা বিশেষ অনুষ্ঠানৰ জৰিয়তে প্ৰমাণ পত্ৰ বিতৰণ কৰা হ’ব। আনহাতে প্ৰশিক্ষণ কৰ্মশালাত বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়া দিৱস বৰদলৈকে ধৰি বিশেষ ব্যক্তি সকলে সহযোগ কৰাৰ উপৰিও আজিৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে শিংৰা বনাঞ্চলিক বিষয়া আলোক ৰঞ্জন দেৱ। বকোত বিহুৰ প্ৰশিক্ষণ কৰ্মশালাই অঞ্চলটোত বিহুৰ আলোড়ন সৃষ্টি কৰিছে।
প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।