নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিলাসীপাৰাত ন্যায়াধীশৰ ঐতিহাসিক ৰায়: নাবালিকা ধৰ্ষণকাৰীক যাবজ্জীবন কাৰাদণ্ড

 

 

নিয়মীয়া বাৰ্তা, ১২ এপ্ৰিল: বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান । এজন অপৰাধীক যাবজ্জীবন সশ্ৰম কাৰাদণ্ড আৰু নগদ দহ হাজাৰ টকা জৰিমনা অতিৰিক্ত সত্ৰ ন্যায়াধীশ সুজিৎ কুমাৰ ঘোষৰ ।জানিব পৰা মতে, আনাৰ আলী (৩৫) নামৰ লোক জনে চাপৰ থানাৰ অন্তৰ্গত এখন গাঁৱত যোৱা ২০১৬ চনত কবিৰাজী কৰাৰ ছলেৰে এজনী নাবালিকাক কেবাবাৰো ধৰ্ষণ কৰিছিল। তাৰ ফলত নাবলিকা জনীয়ে পাচমহীয়া গৰ্ভৱতী হোৱাত নাবালিকাৰ পৰিয়ালে ন্যায় বিচাৰি আদালতৰ দ্বাৰস্থ হৈছিল। সেই গোচৰটো বিলাসীপাৰা আদালতে ১২০/১৬ নম্বৰত ৰুজু কৰিছিল।
। তাৰ পিছতেই বিলাসীপাৰাৰ আদালত Session Case No.120/16 নম্বৰত ভাৰতীয় দণ্ডবিধি অনুসৰি 376 আৰু 4 ধাৰাত শিশু যৌন অপৰাধ সুৰক্ষা আইনৰ অধীনত যাবজ্জীবন ( দহ বছৰ) সশ্ৰম কাৰাদণ্ড বিহে আৰু লগতে নগদ দহ হাজাৰ টকাৰ জৰিমণাৰ ৰায়দান কৰে। উক্ত অপৰাধৰ দৰে ঘটনা যাতে পুনৰ সংঘটিত নহয় তাৰ বাবে ৰাইজক আহ্বান জনায় চৰকাৰী পক্ষৰ অধিবক্তা সকলে। চৰকাৰী পক্ষৰ অধিবক্তা সকলে আৰু জনায় যে সমাজত যৌননিৰ্যাতন আৰু ধৰ্ষণ ৰ দৰে ঘটনা সংঘটিত কৰা লোকসকলে কঠোৰ তম শাস্তি পাব বুলি প্ৰকাশ কৰে।

বিলাসীপাৰাৰ পৰা সমৰেশ শীল শৰ্মা ,নিয়মীয়া বাৰ্তা।

You might also like