নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰক্ষী বিষয়া জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰকৃত তদন্ত চি বি আইক প্ৰদানৰ দাবীত বকোত প্ৰতিবাদী সমদল

  •  দোষীক দৃষ্টান্তমুলক শাস্তিৰ দাবী; আৰক্ষীৰ সম্মুখতে আৰক্ষী মুৰ্দাবাদ ধ্বনি

নিয়মীয়া বাৰ্তা, ১৯ মে’ – হত্যা হিংসা যেন সহজ সাধ্য ঘটনাত পৰিণত হৈছে এই খন অসমত। অসম আৰক্ষীৰ উপ – পৰিদৰ্শক তথা নগাওঁ জিলাৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জোনমণি ৰাভাৰ সন্দেহ জনক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি দোষীক দৃষ্টান্তমুলক শাস্তিৰ দাবীত আজি বকোত বিশাল প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতি ; জিলা ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ তিনি ৰাভা জাতীয় সংগঠনে। অতি সাহসী আৰু কৰ্মদক্ষ আৰক্ষী বিষয়া গৰাকীৰ আকস্মিক তথা ৰহস্য জনক মৃত্যুৰ উচ্চ পৰ্যায়ৰ উচিত তদন্ত চি বি আইৰ জৰিয়তে কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ দাবী জনায় আজি কামৰূপ জিলাৰ বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে প্ৰদান কৰে স্মাৰক পত্ৰ। আৰক্ষী বিষয়া জোনমণি ৰাভাৰ হত্যাৰ লগত জড়িত আৰক্ষীক কঠোৰ শাস্তিৰ দাবীত বকোত উলিওৱা বিশাল প্ৰতিবাদী সমদল কাৰ্য্যসুচীত অংশগ্ৰহণ কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক প্ৰদীপ ৰাভাকে ধৰি আৰছুৰ কেন্দ্ৰীয় সমিতিৰ বহু কেইজন বিষয় ববীয়া। জিলা আৰছু ; মহিলা আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ উদ্যোগত উলিওৱা প্ৰতিবাদী কাৰ্য্যসুচীত নগাঁও আৰক্ষী হায় হায় ; মূৰ্দাবাদ ; দোষী আৰক্ষী ৰুনা নেওগক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰক ; অসম চৰকাৰৰ গৃহ বিভাগ হাহ হাহ ধ্বনিত উত্তাল হৈ পৰে বকো চহৰ। উল্লেখ্য যে ; আজি পুৱা ১১ বজাত বকো আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ কাৰ্য্যালয় প্ৰাঙ্গনৰ পৰা ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰে তিনি শতাধিক ৰাভা জনগোষ্ঠী পুৰুষ মহিলাই বিভিন্ন শ্লোগান দি পৰিবেশ উত্তাল কৰি বকো ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ কাৰ্য্যালয় সম্মুখত অৱস্থান কৰে। ইয়াৰ পিছতে চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। ইফালে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ হত্যাৰ তদন্ত চি বি আইক প্ৰদান কৰক ; দোষীক কাৰায়ত্ত কৰি আইনীভাৱে দৃষ্টান্তমুলক শাস্তি প্ৰদান কৰক ; জোনমণি ৰাভাৰ পৰিয়ালক এক কালীন ভাৱে এক কৌটি টকাৰ সাহাৰ্য্য প্ৰদান কৰাৰ লগতে পৰিয়ালটিক চৰকাৰীভাৱে উপয়ুক্ত কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰক বুলি দাবী জনায়। প্ৰতিবাদী সমদলৰ পাছত কামৰূপ জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি আনন্দ ৰাভা ; সাধাৰণ সম্পাদক অশোক নংবাক ; জিলা ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী ললিতা ৰাভা আৰু সম্পাদিকা মল্লিকা ৰাভা আৰু ষষ্ঠ অনুসূচী দাবী সমিতিৰ জিলা সভাপতি বিদ্যা ৰাভা আৰু সম্পাদক পূৰ্ণ চন্দ্ৰ ৰাভাৰ তৎপৰতাত ৰূপায়ন কৰা কাৰ্য্যসূচীৰ জৰিয়তে জোনমণি ৰাভাৰ হত্যাৰ উচিত তদন্ত বিচাৰিছে।

প্ৰেৰক – বকোৰ পৰা বিষ্ণু ৰাম দাস।

You might also like