নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ পিছৰে পৰা সন্ধানহীন হৈ থকা চিকিৎসক বিক্ৰমজিত বৰুৱাৰ মৃতদেহ উদ্ধাৰ

নিয়মীয়া বাৰ্তা ১৪ ছেপ্টেম্বৰঃ অৱশেষত উদ্ধাৰ হ’ল সন্ধানহীন চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ৷ মাজুলী-নিমাতীৰ শোকাৱহ নাও দুৰ্ঘটনাৰ পাছৰ পৰা সন্ধানহীন হৈ আছিল চিকিৎসক বিক্ৰমজিৎ বৰুৱা৷ ব্ৰহ্মপুত্ৰত উটি অহা মৃতদেহক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছিল মাজুলীৰে আহতগুৰিৰ ভেঁকুলীচাপৰিত। ক’লা টি-চাৰ্ট পিন্ধা মৃতদেহটো উটি অহাৰ কথা অৱগত কৰা হ’ল প্ৰশাসনক। তাৰ পিছতেই মৃতদেহ স্থলীত উপস্থিত হয় প্ৰশাসনৰ লোক।

ইয়াৰ পিছতেই ব্ৰহ্মপুত্ৰৰ বুকুত উদ্ধাৰ হোৱা মৃতদেহটো বিক্ৰমজিৎ বৰুৱাৰ বুলি চিনাক্ত কৰা হৈছে৷
চিকিৎসকগৰাকীৰ মৃত্যুৰ পাছত এই নাও দুৰ্ঘটনাত প্ৰাণ হেৰুৱাৰ সংখ্যা ৩গৰাকীলৈ বৃদ্ধি পায় ব্যক্তি৷

You might also like