‘এশ বছৰীয়া ব্যক্তিও তৰুণ হ’ব পাৰে, ২৫ বছৰীয়া যুৱকো বৃদ্ধ হ’ব পাৰে’-দিগন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা, ১৩ অক্টোবৰঃ সম্পর্কত দুয়োগৰাকী ভাতৃ৷ ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ জ্যেষ্ঠ ভাতৃ ক্রমে ডাঃ জয়ন্ত বিশ্ব শর্মা আৰু দিগন্ত বিশ্ব শর্মা৷ দুয়োগৰাকী নিজ নিজ সাধনাৰ ক্ষেত্রত স্বনামধন্য, চিৰপৰিচিত৷ বুধবাৰে মঙলদৈৰ গ্রন্থমেলাৰ সাহিত্য আলোচনা সভাত একেখন মঞ্চতে উপবিষ্ট হৈ দুয়োগৰাকীয়ে বিশিষ্ট অতিথি হিচাপে আগবঢ়োৱা বৌদ্ধিক চর্চাই সকলোকে মন্ত্রমুগ্ধ কৰি তোলে৷ কেইবাগৰাকী বিশিষ্ট সাহিত্যিক, ৰাজনীতিক, মন্ত্রীৰ সমুখত সাৱলীলভাৱে দিয়া সুগভীৰ ভাষণে সকলোকে মুগ্ধ কৰে৷
লক্ষণীয় যে মঙলদৈ গ্রন্থমেলাৰ তৃতীয় দিনাৰ আবেলি ৪ বজাত ড০ প্রসন্ন নাথৰ সঞ্চালনাত অনুষ্ঠিত সাহিত্য সন্মিলন উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ চন্দ্র শর্মাই৷ অনুষ্ঠানত ‘সাহিত্য, সংস্কৃতি, স্বদেশ আৰু যুৱ সমাজ’ শীর্ষক মনোজ্ঞ আলোচনা–চক্রত দিয়া সুদীর্ঘ ভাষণত সাহিত্য একাডেমী অনুবাদ বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাই কয়, ‘প্রগতিশীলতাই তাৰুণ্য বা যুৱক৷ এশ বছৰীয়া ব্যক্তিও তৰুণ হ’ব পাৰে আৰু ২৫ বছৰীয়া যুৱকো বৃদ্ধ হ’ব পাৰে৷ ব্যক্তিৰ মানসিকতা আৰু কার্যকলাপৰ দ্বাৰাহেবয়স নির্ধাৰিত হয়৷ প্রসংগক্রমে তেওঁ কয়, ‘বর্তমানৰ যুগ সাহিত্য–সংস্কৃতিৰ যুগ নহয়, বর্তমানৰ যুগটো হৈছে বাণিজ্যতন্ত্রৰ যুগ৷’
এই অনুষ্ঠানতে বিশিষ্ট অতিথি হিচাপে ভাষণ দিয়ে লণ্ডনস্থিত বিশিষ্ট চিকিৎসক তথা মুখ্যমন্ত্রীৰ জ্যেষ্ঠ ভাতৃ ডাঃ জয়ন্ত বিশ্ব শর্মাই৷ ডাঃ শর্মাই ভাষণত কয়– সাহিত্য আৰু ৰাজনীতিৰ সম্পর্ক কি? এই সম্পর্কত দিগন্ত বিশ্বই সুন্দৰ পর্যালোচনা কৰিছে৷ কিন্তু, মোৰ মনলৈ আহিছে অন্য এক সমকালীন প্রসংগ৷ আজিকালি সামাজিক মাধ্যম এৰাই আমি চলিব নোৱাৰোঁ৷ সামাজিক মাধ্যমত ব্যক্তি আৰু সমাজ আমি পৃথকৈ চাবলৈও শিকা হোৱা নাই৷ সেয়ে সামাজিক মাধ্যমত ৰাজনৈতিক দল এটাৰ যিদৰে কর্মী আছে আৰু সেই কর্মীসকলে দলীয় নীতি–আদর্শ তথা দলীয় নেতাৰ যিদৰে প্রচাৰ, প্রসাৰ কৰি দলটো শক্তিশালী কৰে, ঠিক তেনেদৰে সাহিত্য, সংস্কৃতি ভালপোৱাসকলৰো এটা কর্মীৰ লেখীয়া সৈনিক থাকিব লাগে৷ তাত ভাৰতীয় মধ্যযুগীয় সাহিত্য–সংস্কৃতিৰ পৰা আধুনিক যুগলৈ উত্তৰণৰ পর্যালোচনা কৰিব৷ তাত বৌদ্ধিক বিষয়ৰ পৰা সংস্কৃতিলৈ সকলোৰে ইতিবাচক আলোচনা থাকিব৷
কার্যসূচীত অংশ লৈ অসম চৰকাৰৰ জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকা, অৱসৰী আমোলা তথা বিশিষ্ট সাহিত্যিক থানেশ্বৰ মালাকাৰ প্রমুখ্যে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ দিয়ে৷ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰে সাহিত্যিক য়েচে দৰজে ঠংচিয়ে৷ ইপিনে, প্রতিকূল বতৰকো নেওচি তৃতীয় দিনা মঙলদৈ গ্রন্থমেলাত উপস্থিত হয় দৰঙৰ ভিন্ন প্রান্তৰ প্রজ্ঞাৰ সাধনাত জডিত বহু বিশিষ্ট ব্যক্তি৷
এই অনুষ্ঠানতে সত্রাধিকাৰ গোবিন্দ ভৰালীৰ কাব্যগ্রন্থ উন্মোচন কৰে বিশিষ্ট চিকিৎসক তথা সাহিত্যিক ডাঃ অমৰেন্দ্র নাৰায়ণ দেৱে৷ দ্যৌৰংগ বার্তালোচনীৰ সম্পাদক শংকৰ কাকতি আৰু দৰং জিলা সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ ৰামচন্দ্র ডেকাই আঁতধৰা এই অনুষ্ঠানত অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি তথা ছিপাঝাৰৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস, লোকনির্মাণ পথ বিভাগৰ অৱসৰী মুখ্য অভিযন্তা জ্যোতিষ শর্মা, অসম সাহিত্য সভাৰ প্রধান সম্পাদক যাদৱ শর্মা, দৰং জিলা সাহিত্য সভাৰ সভাপতি বৰদা শইকীয়া, চহিৰ ভূঞা, অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক অবনী মোহন চহৰীয়া, সভাৰ কেন্দ্রীয় প্রকাশন সচিব দেৱজিৎ বৰা, বিশিষ্ট কবি কিশোৰ জৈন প্রমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আৰু প্রায় দুকুৰি লেখকে অন্তৰংগ আলাপত অংশগ্রহণ কৰে৷ অনুষ্ঠানত পীয়ূষ হাজৰিকাই বক্তব্য আগবঢ়াই কয়, সাহিত্য চর্চা কৰিলে, কিতাপ পঢ়িলেহে মানুহ জ্ঞানী হয়৷ জ্ঞানে মানুহক আগুৱাই নিয়াৰ লগতে প্রতিষ্ঠা লাভ কৰাত সহায় কৰে৷ বিশেষকৈ সামাজিক প্রতিষ্ঠা লাভ কৰিবলৈ গ্রন্থ অধ্যয়ন কৰিবই লাগিব৷ আনকি সভাই–সমিতিয়ে ভাল ভাষণ দিবলৈও কিতাপ পঢ়িবই লাগিব বুলি তেওঁ অনুভৱ ব্যক্ত কৰি কয়, বিধায়ক আৰু নেতাৰ মাজত পার্থক্য আছে৷ ভাল নেতা হ’বলৈ ভাল অধ্যয়নপুষ্ট হ’ব লাগিব৷