নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত পুনৰ চৰকাৰ গঠন কৰিব বিপিএফে

নিয়মীয়া বাৰ্ত‍া, ২১ আগষ্টঃ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলেই পুনৰ বিটিচি পৰিষদ দখল কৰিব৷ সমাগত বিটিচি নির্বাচনত ইউপিপিএলৰ সভাপতি প্রমোদ বডো বিপুল ভোটৰ ব্যৱধানত পৰাস্ত হ’ব৷ পৰিৱর্তনৰ শ্লোগানেৰে বিটিচি দখল কৰিব খোজাসকলৰ চৰিত্রবোৰ ইতিমধ্যে পৰিস্ফুট হৈ পৰিছে৷– এই ভাষ্য মন্ত্রী প্রমীলাৰাণী ব্রহ্মৰ৷

তামুলপুৰৰ গয়বাৰী ব্লক বিপিএফৰ কার্যালয়ত ২৮ নম্বৰ গয়বাৰী সমষ্টিৰ বিপিএফৰ মনোনীত প্রার্থী চণ্ডী বসুমতাৰীৰ নির্বাচনী পৰিচালনা সমিতিৰ সভাপতি নৱ কুমাৰ মজুমদাৰৰ সভাপতিত্বত আজি অনুষ্ঠিত যোগদান সমাৰোহত অংশগ্রহণ কৰি ব্রহ্মই কয় যে বিদ্যালয়, মহাবিদ্যালয় প্রাদেশিকীকৰণ কৰা হ’ল৷ ছাত্রীসকলক স্কুটী প্রদান কৰা হ’ল৷ ৰাস্তা–ঘাটৰ উন্নয়ন হ’ল, বিটিচিৰ মাজেৰে পশ্চিমবংগলৈ যোৱা পোনপটীয়া যাতায়াত সুগম হ’বলৈ গৈ আছে৷ বিপিএফৰ এনে সফলতাৰ পিছতো ইউপিপিএলে গভীৰ ষডযন্ত্র ৰচি বিপিএফ দলক ওফৰোৱা কার্যত লিপ্ত হৈ পৰাটো দুর্ভাগ্যজনক৷ অথচ ইউপিপিএলৰ সভাপতি প্রমোদ বডোৱে নিজেই দিল্লীলৈ গৈ বিজেপিৰ লগত মিতিৰালি কৰিছে৷ মন্ত্রীগৰাকীয়ে লগতে এইবুলিও কয় যে বিটিচিত বিপিএফে এইবাৰ চৰকাৰ গঠন কৰিলে আৰু অধিক উন্নয়ন সম্ভৱ হৈ পৰিব৷

পৰিকল্পনাৰ যোগেদি যাতে উন্নয়নৰ সকলো দিশ সামৰি ল’ব পাৰি এইক্ষেত্রত সকলোৰে সহযোগৰ প্রয়োজন আছে৷ হাগ্রামা মহিলাৰীৰ দৰে মানুহ পোৱা টান৷ অমায়িক সৎ চৰিত্রৱান হাগ্রামা মহিলাৰী জনপ্রিয় ব্যক্তি৷ ভাষণত তেওঁ পুনৰ কয় যে সহজ–সৰল কৃষকে নাঙলেৰে হাল বায়৷ নাঙল নিঃশেষ কৰিব খোজা ব্যক্তিসকল নিজেই নিঃশেষ হ’ব৷ প্রথম লকডাউনৰ সময়ত বিপিএফে দৰিদ্র লোকসকলক ২৫ কিলোকৈ চাউল দিব খোজেজাতে প্রমোদ বডোৱে আদালতৰ দ্বাৰস্থ হোৱাৰ ধমকি দিছিল৷ মহিলাসকলক উদ্দেশ্যি মন্ত্রীগৰাকীয়ে কয়, অৰুণোদয় আঁচনিৰ যোগে ১৫ হাজাৰ দুখীয়া পৰিয়ালে মাহত ৮৩০ টকাকৈ লাভ কৰিব, যাৰ মাহিলি আয় দুই লাখ টকাৰ কম৷ এই যোগদান সমাৰোহত অংশগ্রহণ কৰি বিটিচিৰ কার্যবাহী সদস্য মহেশ্বৰ বসুমতাৰীয়ে কয়, হাগ্রামা মহিলাৰীৰ নেতৃত্বত ২০০৫ চনত গঠন হোৱা বিপিএফ দলে সোতৰটা বছৰে ৰাইজৰ পক্ষত থাকি উন্নয়নৰ কামত ব্রতী হৈ আহিছে৷ হাগ্রামা মহিলাৰীৰ নেতৃত্বত গঠন হোৱা বিপিএফ দলৰ পৰিষদখনে ৰাস্তা–ঘাটৰ নির্মাণে যাতায়াত ব্যৱস্থা সুচল কৰি তুলিছে৷ বিপিএফে কৰা উন্নয়নৰ ছবি বিৰোধীৰ চকুত নপৰে৷ তামুলপুৰত মহকুমা গঠন হোৱা নাছিল, বিটিচি গঠনৰ পিছত তামুলপুৰ মহকুমা হ’ল৷

মুছলপুৰৰ দৰে গাঁও এখনত জিলা সদৰ স্থাপন হ’ল৷ ড্রেজাৰীৰ কার্যালয় হ’ল, জিলা উপায়ুক্তৰ কার্যালয় হ’ল৷ ইউপিপিএলৰ সভাপতি প্রমোদ বডোক বিজেপিৰ এজেণ্ট বুলি উল্লেখ কৰি তেওঁ কয়, ‘নিজৰ বৃদ্ধ পিতৃ–মাতৃক এৰি নিৰাপদ স্থান ৰঙিয়া চহৰত থকা এগৰাকী নেতাই ৰাইজৰ কি উন্নয়ন সাধন কৰিব৷ বিটিআৰ চুক্তি কেতিয়াও ৰূপায়ণ নহয় বুলি উল্লেখ কৰি বসুমতাৰীয়ে কয় যে বিটিআৰ চুক্তিৰ কথা বিপিএফে আগতেই কেন্দ্রীয় চৰকাৰৰ লগত আলোচনা কৰিছিল৷ এনডিএফবিৰ চাৰিটা গোটৰ তিনিটাই বিপিএফৰ লগত আছে৷ প্রমোদ বডোক কটাক্ষ কৰি বসুমতাৰীয়ে পুনৰ কয়– ইউপিপিএলৰ সভাপতি হৈ এবছুৰ কার্যালয়ত সংবাদ মেল পাতি কলংক সানিছে প্রমোদ বডোৱে৷ ইউপিপিএল, জিএছপিক বিটিচিৰ পৰা উৎখাত কৰিবই লাগিব৷ বিজেপি দলেও বিটিচিত মুখথেকেচা খাব৷ বিটিচিত বিজেপিয়ে এখনো আসন নাপায়৷ বিশ্বাসঘাতক প্রমোদ বডো গয়বাৰী সমষ্টিত চণ্ডী বসুমতাৰীৰ হাতত পৰাজিত হোৱাটো নিশ্চিত বুলি তেওঁ হুংকাৰ দিয়ে৷ সভাত তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ চন্দ্র ৰাজবংশীয়ে কয়– ইয়াৰ পূর্বে বিভিন্ন দলত কাম কৰা ইউপিপিএল, কংগ্রেছ, বিজেপি আৰু জিএছপিৰ কর্মীসকলে আজি বিপিএফত যোগদান কৰিবলৈ অহাটো অতি আনন্দৰ ক্ষণ৷ বিটিচি চুক্তিৰ পিছত পৰিৱেশৰ পৰিৱর্তন হ’ল, শান্তি নামি আহিল আৰু সময় এক স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল৷ এই সফলতাৰ দাবীদাৰ কেৱল বিপিএফ দল৷ তেওঁ পুনৰ কয়– বিপিএফে আগন্তুক বিটিচি নির্বাচনত ২৬খন আসনত জয়ী হৈ পৰিষদীয় চৰকাৰ গঠন কৰিব৷ তামুলপুৰ মহকুমাৰ পাঁচটা পৰিষদীয় সমষ্টিত বিপুল ভোটত জয় লাভ কৰিব বিপিএফ মনোনীত প্রার্থী৷ সভাত অবডো সংগঠনৰ প্রাক্তন নেতা যাদৱ দাসে কয়– আজিৰ এই বিপিএফ দলৰ যোগদান সমাৰোহত ১৬০০তকৈ অধিক লোকে দলত যোগদান কৰাটো অতি উৎসাহজনক৷ গয়বাৰী ব্লক বিপিএফৰ    অনুষ্ঠিত যোগদান সমাৰোহত কংগ্রেছ, ইউপিপিএল, বিজেপি আৰু জিএছপিৰ ১৬৮৭জন লোকে আনুষ্ঠানিকভাৱে বিপিএফ দলত যোগদান কৰে৷

অনুষ্ঠিত যোগদান সমাৰোহত গোসাঁইগাঁও সমষ্টিৰ বিধায়ক মাজেন্দ্র নার্জাৰী, চাপাগুৰি সমষ্টিৰ প্রাক্তন বিধায়ক হিতেশ বসুমতাৰী, প্রাক্তন ই এম গণেশ কছাৰী, বিপিএফৰ কেন্দ্রীয় সদস্য যাদৱ দাস, সদস্য যোগেন বসুমতাৰী, সংখ্যালঘু মহিলা কোষৰ সম্পাদিকা লাইলা বেগম, ৰেণু ৰামচিয়াৰী, যুৱ বিপিএফৰ কেন্দ্রীয় সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, প্রাক্তন ই এম ৰবীনবালা বিশ্বাস, দলৰ প্রার্থী চণ্ডী বসুমতাৰী, প্রাক্তন এমচিএলএ মদন মোহন মোছাহাৰী, তামুলপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক উপেন বসুমতাৰী, গয়বাৰী ব্লক বিপিএফৰ সভাপতি খাম্ফা ব্রহ্মৰ লগতে জিলা সমিতি আৰু ব্লক সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

You might also like