মাজুলীৰ মূধচত ব্ৰহ্মপুত্ৰৰ খহনীয়া : পানীত পৰিল ডেৰ কোটিটকীয়া খহনীয়া প্ৰতিৰোধী আঁচনি
নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰঃ ৰাজ্যৰ বিয়াগোম জলসম্পদ বিভাগৰ অদূৰদৰ্শিতা, দায়িত্বহীনতাৰ বাবে দীর্ঘদিন ধৰি নৈপৰীয়া ৰাইজৰ বাবে আতংকৰ কাৰণ হৈ পৰা ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়াই ঢকুৱাখনাত পুনৰ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মাজুলীৰ মূধচস্বৰূপ টাকাৰচুকত অব্যাহত থকা ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াই পুনৰবাৰ মাজুলীৰ লগতে ঢকুৱাখনালৈ ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে।বিগত তিনি দিন ধৰি অঞ্চলটোত হৈ থকা খহনীয়াই দ্ৰুত হাৰত বৃদ্ধি পোৱাৰ সমান্তৰালকৈ ঢকুৱাখনা-মাজুলী সুৰক্ষাকৱচ চিচি টেকেলিফুটা মথাউৰিৰ পৰা ব্ৰহ্মপুত্ৰই মাত্ৰ ৬০-৭০ মিটাৰ দূৰত্বত অৱস্থান কৰাত আতংকিত হৈ পৰিছে নৈপৰীয়া ৰাইজ।উল্লেখ্য যে উক্ত স্থানত ঢকুৱাখনা জলসম্পদ বিভাগে চলিত বৰ্ষৰ জুনত প্ৰায় ডেৰকোটি টকা ব্যয়ৰে জিঅ’বেগ আৰু আৰ চি চি পাৰকুপাইন সংস্থাপন আঁচনি ৰূপায়ন কৰিছিল।কিন্তু ৰাজ্য চৰকাৰৰ প্ৰায় ১’৫০ কোটি টকীয়া জি’অ বেগ আঁচনিয়ে ৰোধিব নোৱাৰিলে টাকাৰচুকৰ খহনীয়া। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱা দুটা মাহ নৌহওঁতে নদীৰ কোবাল সোঁতে উটুৱাই নিয়ে বালি ভৰ্তি বস্তা। ফলত পানীত পৰিল ঢকুৱাখনা জলসম্পদ বিভাগৰ ডেৰ কোটিটকীয়া খহনীয়া প্ৰতিৰোধী আঁচনি।মাত্ৰ দুটা মাহৰ ভিতৰতে কোটিটকীয়া জি’অ বেগ আঁচনি খহনীয়াত জাহ যোৱাত ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ।গৰাখহনীয়া প্ৰতিৰোধৰ নামত অহা কোটি কোটি টকাৰ আঁচনিক লৈ একপ্ৰকাৰ ব্যৱসায় চলাই যোৱা বিভাগীয় কৰ্তৃপক্ষই এই পৰ্যন্ত নীৰৱ দৰ্শকৰ ভূমিকা লোৱাত ক্ষুব্ধ হৈ পৰিছে নৈপৰীয়া ৰাইজ।
প্ৰেৰক পুলকজ্যোতি বৰা