নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাত হেমেন শইকীয়াৰ শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰ : সংগৃহীত ইতিবৃত্ত শীৰ্ষক গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ২৬ ছেপ্টেম্বৰ : শোণিতপুৰৰ বালিপৰাত কালি বালিপৰা বালিগাঁৱৰ বাসিন্দা তথা অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী হেমেন শইকীয়াৰ এখন গ্ৰন্থ উন্মোচন কৰা হয়। বালিগাঁৱৰ শ্ৰীশ্ৰীকেতেকীবাৰী সত্ৰৰ বাৰ্ষিক ভাওনা সমাৰোহৰ লগত সংগতি ৰাখি অনুষ্ঠিত ভাওনা বিষয়ক এখনি আলোচনাচক্ৰত অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকীৰ শ্ৰীশ্ৰী কেতেকীবাৰী সত্ৰ : সংগৃহীত ইতিবৃত্ত শীৰ্ষক গ্ৰন্থখন শুভ উন্মোচন কৰে তেজপুৰ বৰালীমৰা সত্ৰৰ সত্ৰাধিকাৰ শোভন মহন্তই । গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত শ্ৰী শ্ৰী চিপহা সত্ৰ তেজপুৰৰ গোঁসাই কৰুণা দেৱ গোস্বামী, অসম নাট্য সন্মিলনৰ উপ-সভাপতি মৃগেন বড়া, বায়ন তথা সত্ৰীয়া সংস্কৃতিৰ সাধক শ্ৰীকুমাৰ বৰুৱা ,হেমেন শইকীয়াৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি, বালিপৰাৰ ৰাইজ উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like