নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

BSF ত কৰ্মৰত বকোৰ যুৱতীৰ অস্বাভাৱিক মৃত্যুক সহজভাৱে লব পৰা নাই পৰিয়াল বৰ্গই

নিয়মীয়া বাৰ্তা ;২৪ মাৰ্চ: বহিঃৰাজ্যত বকোৰ যুৱতীৰ ৰহস্যজনক মৃত্যু।যুৱতীগৰাকী সীমান্ত সুৰক্ষা বল (BSF)ত কৰ্মৰত বকোৰ ধৃতাশ্ৰী ৰাভা।কোচবিহাৰত থকা অৱস্থাত মৃত্যু হৈছিল ধৃতাশ্ৰী ৰাভাৰ।কোচবিহাৰত খেলৰ প্ৰশিক্ষণ লৈ আছিল ধৃতাশ্ৰীয়ে।প্ৰায় ছমাহ ধৰি কোচবিহাৰত আছিল যুৱতীগৰাকী।মেঘালয়ৰ টুৰাৰ BSFৰ হেড কোৱাৰ্টাৰৰ কোচবিহাৰলৈ প্ৰেৰণ কৰা হৈছিল।ধৃতাশ্ৰীক মৃত্যুক আত্মহত্যাৰ ঘটনা বুলি মানি নলয় পৰিয়ালে।ইয়াকে লৈ পৰিয়ালৰ লোকৰ মাজত অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া।বৃহস্পতিবাৰে ধৃতাশ্ৰীৰ আইতাকে সংবাদ মাধ্যমৰ আগত ক্ষোভ উজাৰি কয় যে -মাইনাই কি কাৰনত তেনেকোৱা কৰিল,আমি ভাবিবই পৰা নাই।ধৃতাশ্ৰীক কোনোৱাই মাৰি পেলাইছে।মাইনা বৰ শান্ত শিষ্ট অমায়িক ছোৱালী আছিল।

ধৃতাশ্ৰীৰ দৰে এজনী অমায়িক ছোৱালীয়ে কেতিয়াও আত্মহত্যা কৰিব নোৱাৰে।দেউতাক ঢুকুৱাৰ পিছত তাইয়ে সমস্ত পৰিয়াল টো পোহপাল দি ৰাখিছিল।ধৃতাশ্ৰী অন্য ছোৱালীৰ দৰে চঞ্চল মনৰ নাছিল।ধৃতাশ্ৰী বহুত ধীৰ গম্ভীৰ ছোৱালী আছিল।ধৃতাশ্ৰী হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উৰ্তীৰ্ন হৈ অসমীয়াত লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছিল।পঢ়া শুনাত বহুত ভাল আছিল তাই।ধৃতাশ্ৰী চাকৰি পোৱা প্ৰায় ৬ বছৰ হল।ধৃতাশ্ৰী‌ চাকৰি পোৱাৰ দুবছৰ পিছতে দেউতাক ঢুকাইছে।ঘৰখনত আমি ৪ জনে আছিলো।ধৃতাশ্ৰীয়ে আমাক অকলশৰীয়া কৰি থৈ গল।আইতাকে লগতে কয় যে ধৃতাশ্ৰীৰ মৃত্যুৰ সঠিক তদন্ত আমাক লাগিব।আমি আত্মহত্যা বুলি মানি নলও। বৃহস্পতিবাৰে ধৃতাশ্ৰীৰ মাক আৰু ভনীয়েকে উচিত তদন্ত বিচাৰি ইতিমধ্যে কোচবিহাৰ থানাত এজাহাৰ দাখিল কৰিবলৈ ৰাওনা হৈছে কোচবিহাৰলৈ।পৰৱৰ্তী সময়ত বংগ আৰক্ষীৰ তদন্তত হে ওলাব ধৃতাশ্ৰীৰ মৃত্যু পৰিকল্পিত হত্যা নে আত্মহত্যা।

ইয়াৰ লগতে ধৃতাশ্ৰীৰ মৃত্যু সন্দৰ্ভত ভগ্নী দিপশিখা ৰাভাই সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাতৰ ভাৱে অনুৰোধ কৰি কৈ যে মুখ্যমন্ত্ৰী মহোদয় আপোনাক অতি দুখজনক আৰু অবাঞ্চিত পৰিস্থিতিত আপোনাক জনাও যে BSF(Border Security Force ৰ 45 Bn BSF) ত এগৰাকী কনিষ্টবল ৰূপে যোৱা ছয়বছৰৰ পৰা কৰ্মৰত হৈ আছিল।যোৱা ২০ মাৰ্চ ২০২৩ ইং তাৰিখে হঠাতে আমালৈ এটা ফোন কল আহে আৰু জনায় যে মোৰ বাইদেৱে কৰ্মৰত অৱস্থাতে কোচবিহাৰৰ বিএচএফৰ শিৱিৰত আত্মহত্যা কৰিছে । বাইদেওৰ এই খৱৰে আমাৰ ঘৰখন শোকত ভাগি পৰিছে।আমাৰ পিতৃৰ মৃত্যুৰ পাছত বাইদেৱ বিএচএফত পোৱা চাকৰিটোৱে আমাৰ ঘৰখনলৈ এক সামাজিক আৰু আৰ্থিক সকাহ আনি দিছিল। হাঁহি-মাতি নিজৰ পৰিয়ালটোৰ লগতে ব্যস্ত হৈ থকা বাইদেৱে কোনোপধ্যে আত্মহত্যাৰ পথ নলয়।এয়া মোৰ আৰু আমাৰ পৰিয়ালটোৰ দৃঢ় বিশ্বাস।এয়া আত্মহত্যা হবই নোৱাৰে,এয়া কাৰোৱাৰ এক পৰিকল্পিত হত্যা। আৰু এই হত্যাৰ ন্যায় বিচাৰি আমি আপোনাৰ ওচৰত সহায় ভিক্ষা কৰিছো।যোৱা ২১ মাৰ্চ ২০২৩ ইং তাৰিখে বিএচএফৰ কৰ্তৃপক্ষৰ উপস্থিতিত বাইদেৱৰ আন্তেষ্টিক্ৰিয়া সম্পন্ন হৈ যায়।যিহেতু বাইদেউৰ আত্মহত্যা/হত্যা বহিঃৰাজ্য পশ্চিমবংগৰ কোচবিহাৰত হৈছে,সেয়ে আমাৰ বাবে কোচবিহাৰলৈ গৈ তাৰ আৰক্ষী থানাত গোচৰ তৰিবলৈ মোৰ আৰু মোৰ বিধৱা মাৰ বাবে সম্ভৱ নহয়।সেয়ে মুখ্যমন্ত্ৰী মহোদয়ক আমাক সহায় কৰিবলৈ অনুৰোধ কৰিছো।

প্ৰেৰক – ছমৰীয়া সত্ৰৰ পৰা প্ৰীতম বায়নৰ প্ৰতিবেদন

You might also like