নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংগালুৰুত শিক্ষা লৈ নিজ গৃহতে আৰম্ভ কৰিলে কংক্ৰিটৰ ইটা বনোৱা ক্ষুদ্ৰ উদ্যোগ

  • এই ইটাৰে গৃহ নিৰ্মান কৰিলে খৰছ বহু পৰিমানে ৰেহাই হব৷বৰছলাৰ পুঠিমাৰীৰ এগৰাকী নিবনুৱা যুৱকৰ নিদৰ্শন৷

নিয়মীয়া বাৰ্তা, ২৪ মাৰ্চ: বৰ্তমানৰ সময়ত ৰাজ্যখনৰ বহুতো নিবনুৱা যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন বিচাৰি ৰাজ্যৰ বহিৰলৈ ঢাপলি মেলা পৰিলক্ষিত হয়। সমস্যাটো সমাধানৰ ক্ষেত্ৰত চৰকাৰখনো ব্যৰ্থ হোৱাৰ অভিযোগো উত্থাপন হৈছে। কিন্তু তাৰ মাজতো এনে কিছুমান যুৱক-যুৱতী আছে যি চাকৰিৰ আশাত বহি নাথাকি আত্মসংস্থাপনৰ বাবে কেতবোৰ স্বনিয়োজন আঁচনি গ্ৰহণ কৰিছে। তেনে এজন নিবনুৱা যুৱক হৈছে বৰছলাৰ পুঠিমাৰীৰ কৰণ ছেত্ৰী। বছলাৰ সমষ্টিৰ পুঠিমাৰীত কৰণ ছেত্ৰীয়ে গঢ়ি তুলিছে এক ক্ষুদ্ৰ উদ্যোগ। ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে নিজকে সংস্থাপিত হোৱাৰ সপোন দেখিছে পুঠিমাৰীৰ নিবনুৱা যুৱকজনে। যি সময়ত একাংশ যুৱকে কৰ্মসংস্থাপন বিচাৰি বহিঃৰাজ্যলৈ ঢাপলি মেলিছে সেই সময়ত বহিঃৰাজ্যৰ পৰা নিজ ৰাজ্যলৈ গৃহলৈ ঘূৰি আহি কৰণ ছেত্ৰীয়ে কংক্ৰিটৰ ইটা তৈয়াৰ কৰা এক ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰিছে। উল্লেখ্য যে ২০০৬ চনত কৰ্মসংস্থাপন বিচাৰি বেঙ্গালুৰুলৈ গৈছিল কৰণ ছেত্ৰীয়ে। দীৰ্ঘদিন বহিঃৰাজ্য তথা বেঙ্গালুৰুত এটা ব্যক্তিগত কোম্পানীত ‘চলিত চিমেণ্ট কংক্ৰিট ব্লক’ ইটা তৈয়াৰ কৰা কামত নিয়োজিত হৈ থাকি পুঠিমাৰী গাঁৱত ২০১৮ চনত স্থাপন কৰিছিল আৰু তেতিয়াৰ পৰা ঘৰতে ‘চলিত চিমেণ্ট কংক্ৰিট ব্লক’ ইটা তৈয়াৰ কৰি আহিছে। পাঁচ আৰু তিনি ইঞ্চি জোখৰ কংক্ৰিট ইটাবোৰ তৈয়াৰ কৰি ঘৰে ঘৰে বিক্ৰী কৰি আহিছে।জিলা খনৰ বিভিন্ন প্ৰান্তত এই ইটা বজাৰ দখল কৰিছে৷এই ইটাৰে গৃহ নিৰ্মান কৰিলে খৰছ যথেষ্ট লাঘৱ হয়৷কৰণ ছেত্ৰীয়ে নিৰ্মান কৰা ইটা ৰাইজৰ পৰা ইতিবাচক সহাঁৰি লাভ কৰিছে৷এই সন্দৰ্ভত সাংবাদিকৰ আগত কৰণ ছেত্ৰীয়ে কয়-দহ বছৰ বেংঙ্গালুৰত বিভিন্ন প্ৰতিষ্ঠান কাম কৰাৰ পিছত বেঙ্গালুৰুত এটা ব্যক্তিগত কোম্পানীত ‘চলিত চিমেণ্ট কংক্ৰিট ব্লক’ ইটা বনোৱা উদ্যোগত কাম কৰি কেনেকৈ তৈয়াৰ কৰে জানি স্বগৃহলৈ ঘূৰি আহোঁ৷ঘৰত অহাৰ পিছত মই কম মুলধনৰে এই ইটা বনোৱা ক্ষুদ্ৰ উদ্যোগটো আৰম্ভ কৰি ৰাইজৰ সহাঁৰি লাভ কৰিছো বুলি কয়৷এই ইটা ব্যৱহাৰ কৰি গৃহ নিৰ্মান কৰিলে খৰছ হ্ৰাস পাব৷এনেদৰে এজন নিবনুৱা যুৱকে স্বনিয়োজন হোৱাৰ লক্ষ্যৰে কংক্ৰিটৰ ইটা বনোৱা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি ইতিবাচক বাৰ্তা কঢ়িয়াইছে৷

প্ৰেৰক-বিপুল ফয়েল,শিঙৰী

You might also like