নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৫০ পইচাৰ দুৰ্নীতি কৰিলেও ২৪ ঘন্টাৰ ভিতৰত দল এৰিব লাগিবঃ কাজলগাঁৱত গণ সমাৱেশত প্ৰমোদ বড়ো   

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ  ‘ইউপিপিএল ৰাইজৰ দল। ৰাইজৰ এজন পুত্ৰ, ভাতৃ, বন্ধু হিচাপে ৰাইজৰে সেৱা কৰিবলৈ আগবাঢ়ি আহিছো। ৰাজনীতি কৰি দুৰ্নীতি কৰিবলৈ অহা নাই। কোনোৱে যদি পঞ্চাশ পইচাৰ দুৰ্নীতি কৰে, ২৪ ঘন্টাৰ ভিতৰতে তেওঁ দল ত্যাগ কৰিব লাগিব।’ চিৰাং জিলাৰ সদৰ কাজলগাঁৱত আজি বিশাল গণ সমাৱেশত ৰাইজক উদ্দেশ্যি এইদৰে মন্তব্য কৰে ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে।

সভাপতি বড়োৱে বিটিআৰত সম অধিকাৰ, নিৰাপত্তা, শান্তি আৰু সম্প্ৰীতি অটুট ৰখাই ইউপিপিএল দলৰ প্ৰথম লক্ষ্য আৰু উদ্দেশ্য বুলি ভাষণত উল্লেখ কৰে। বিটিআৰ চুক্তিৰ জৰিয়তে পূৰ্বৰ অশান্ত পৰিৱেশৰ অন্ত পেলায়, শান্তিৰ পৰিৱেশ ঘূৰাই আনিবলৈ সক্ষম হৈছে বুলিও তেওঁ মন্তব্য কৰে। এতিয়া অপহৰণ, ধন দাবী,হত্যাৰ দৰে হিংসাত্মক ঘটনা নাইকিয়া হৈছে। আমি সকলো জাতি-জনগোষ্ঠী ঐক্যবদ্ধভাৱে  শান্তিৰে জীয়াই থাকিব বিচাৰোঁ।

সম অধিকাৰ আৰু সম উন্নয়নত গুৰুত্ব প্ৰদান কৰা আমাৰ দলৰ মূল লক্ষ্য আৰু উদ্দেশ্য বুলিও ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়োৱে দোহাৰি ৰাইজক তেওঁলোকৰ দ্বাৰা দুৰ্নীতিমুক্ত পৰিষদীয় চৰকাৰ এখন গঠন কৰাত সহায় কৰিবলৈ আহ্বান জনায়। আজিৰ গণ সমাৱেশত বিটিচিৰ ১৭ বছৰীয়া শাসনভাৰ নিজৰ দখলত ৰখা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফ দলক দুৰ্নীতিত নিমজ্জিত এটা দল বুলি তীব্ৰ সমালোচনা কৰি প্ৰমোদ বড়োৱে আজিও বিটিচিৰ বহু আই-মাতৃয়ে পথৰ দাঁতিত দুটা ঔটেঙা, দুমুঠি শাক লৈ গ্ৰাহকৰ অপেক্ষাত ৰৈ থাকিবলগীয়া অৱস্থাৰ অৱসান ঘটা নাই বুলি আক্ষেপ কৰে।

তেওঁলোকে চৰকাৰ গঠন কৰাৰ পাছত প্ৰতিবছৰে এক লাখ নিবনুৱাক কৰ্ম সংস্থাপন দিয়াৰ লগতে শিক্ষিত নিবনুৱাক সাক্ষাৎকাৰৰ লগে লগে নিযুক্তি দিয়া হ’ব বুলি দৃঢ়তাৰে ঘোষণা কৰে। ‘পৰিৱৰ্তন জনসভা’ হিচাপে অনুষ্ঠিত আজিৰ বিশাল গণ সমাৱেশত চিৰাং জিলাৰ বিভিন্ন স্থানৰ পৰা আনুমানিক কুৰি সহস্ৰাধিক লোকে আহি অংশগ্ৰহণ কৰে।

১৫নং কাজলগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে সঞ্চালনা কৰা গণ সমাৱেশৰ মুকলি সভাত  ইউপিপিএলৰ প্ৰতিস্থাপক সভাপতি তথা প্ৰাক্তন সাংসদ ইউ জি ব্ৰহ্মই আদৰণি ভাষণ প্ৰদান কৰে। ইউ জি ব্ৰহ্মই এইবাৰ বিটিআৰত পৰিৱৰ্তনৰ ঢৌ আৰু ধুমুহাৰ সৃষ্টি হৈছে বুলি মন্তব্য কৰে।

You might also like