নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ পৰা পিঠা পঠিয়াইছে, দিছপুৰৰ পৰা পিঠা পঠিয়াইছে, কিন্তু হাগ্রামাৰ মেকুৰী ভিচিডিচিয়ে এই পিঠা খাই পেলাইছেঃ ড০ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ১৭ নৱেম্বৰঃ বিটিচি নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিটিএডিত নির্বাচনী বতাহ উত্তপ্ত হৈ উঠিছে৷ ৰাজনৈতিক দলসমূহে আৰম্ভ কৰিছে নির্বাচনী প্রচাৰ৷ ইয়াৰ মাজতে বিপিএফ আৰু বিজেপিৰ মাজত চলা নির্বাচনী যুঁজখন আকর্ষণীয় হৈ উঠিছে৷ বিজেপিৰ হৈ নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বিটিচিত ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে নির্বাচনী প্রচাৰ৷

চিৰাং জিলা বিজনী বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আজি নির্বাচনী সভাত অংশগ্রহণ কৰে ড০ হিমন্ত বিশ্ব শর্মা ৷ উক্ত সভাত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফৰ শাসনকালত সংঘটিত দুর্নীতি–অনিয়মক কঠোৰ ভাষাৰে সমালোচনা কৰে।

প্ৰাৰ্থী অভিৰাম মহানায়কৰ হৈ অংশগ্রহণ কৰি ড০ শর্মাই কয়– বিপিএফ আমাৰ লগত চৰকাৰত আছিল। আমাৰ এটাই উদ্দেশ্য আছিল বিটিচিত সকলোৰে অধিকাৰ অক্ষুণ্ণ থাকক৷ সকলোৱে মর্যাদাসহকাৰে জীয়াই থাকক৷ কিন্তু বিটিচিত আজিলৈকে অন্যান্য জাতি–জনগোষ্ঠীৰ লোকে মাটিৰ পট্টা পোৱা নাই৷ বিজেপি আৰু পাপৰ ভাগ ল’বলৈ সাজু নহয়৷ বিটিচিত প্রতিজন মানুহে ভূমিৰ অধিকাৰ লাভ কৰিব লাগিব৷ এই অধিকাৰ আমি দিম৷’

ইফালে, বিটিচিত সংঘটিত হোৱা দুর্নীতি সন্দর্ভত মন্ত্রীগৰাকীয়ে কয় যে বিটিচিত বিধৱা আৰু বৃদ্ধ পেন্সন লাভ কৰিবলৈও টকা দিবলগীয়া হয়৷ দিল্লীৰ পৰা পিঠা পঠিয়াইছে, দিছপুৰৰ পৰা পিঠা পঠিয়াইছে, হাগ্রামা মহিলাৰীৰ মেকুৰী ভিচিডিচিয়ে এই পিঠা খাই পেলাইছে৷

আনহাতে, হাগ্রামাক বিটিচিত চীফ বুলি কৰা সম্বোধন সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি ভাষণত মন্ত্রীগৰাকীয়ে কয় যে চীফ কি বস্তু৷ প্রধানমন্ত্রীয়ে নিজকে ৰাইজৰ সেৱক বুলি প্রকাশ কৰি আহিছে৷ আৰু হাগ্রামাক চীফ বুলি ক’বলগীয়া হৈছে৷ চীফ নহয়, ৰাইজৰ সেৱক হ’ব লাগিব৷

আনহাতে মন্ত্ৰী চন্দন ব্ৰহ্মই চিৰাঙৰ হাগ্ৰামা দলঙৰ সমীপত দৈজিং মহোৎসৱ আয়োজন কৰি মদ আৰু জুৱাৰ পয়োভৰ ঘটোৱাৰ লগতে ৰাজ্য চৰকাৰে পৰ্যটন বিভাগৰ জৰিয়তে প্ৰদান কৰা কোটি কোটি টকা নষ্ট কৰা বুলিও মন্ত্ৰী ড° শৰ্মাই মন্তব্য কৰে ৷ মন্ত্ৰী ব্ৰহ্মই বিটিচি চুক্তি স্বাক্ষৰ হোৱাৰ পিছতে বহু অজনজাতি অধ্যুষিত গাঁও অন্তৰ্ভুক্তি কৰা বুলি জানিবলৈ দি মন্ত্ৰী ড° শৰ্মাই বিটিআৰ চুক্তিৰ জৰিয়তে এনে গাঁওসমূহ কৰ্তনৰ লগতে নতুনকৈ গাঁও অনুৰ্ভুক্তিৰ ব্যৱস্থা কৰা বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে ৷

একেখন নির্বাচনী সভাতে ভাষণ দি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে এইবাৰ বিজেপিৰ নেতৃত্বতেই চৰকাৰ গঠন হ’ব৷ বিজেপিৰ চৰকাৰ হ’লে দুর্নীতিত লিপ্তসকল জে’ললৈ যাব লাগিব৷ লগতে কয় যে  এইবাৰ বিটিচিত বিজেপিৰ চৰকাৰ নিশ্চিত৷

You might also like