ধলাইত জব্দ বাৰ্মিজ চুপাৰী, ৫খন সৰু-ডাঙৰ বাহনকে ধৰি ৭ খন আটক
- বিহাৰলৈ সৰবৰাহ কৰা ৯০ লাখ টকাৰ গাঞ্জা জব্দ,আটক ১
- ধলাইত জব্দ বাৰ্মিজ চুপাৰী , ৫খন সৰু-ডাঙৰ বাহনকে ধৰি, ৭ খন আটক।
- ১২ কোটি টকাৰ ড্ৰাগছ সহ মিজোৰামত আটক ধলাই যুৱক
নিয়মীয়া বাৰ্তা, ৩ মে : মিজো আৰক্ষীৰ স্পেচিয়েল ব্ৰাঞ্চে এটা অভিযান চলাই কাছাৰৰ এজন যুৱকৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰিছে। কালি সন্ধিয়া গোপন তথ্যৰ ভিত্তিত কাছাৰ জিলাৰ দক্ষিণ ধলাইৰ খুলিচৰা নিবাসী আব্দুল মজিদ লস্কৰ (৩৭) নামৰ এজন যুবকক আইজলৰ পৰা ৪০ কিলোমিটাৰ নিলগৰ চিলিং অঞ্চলত এখন ট্ৰাকৰ পৰা ড্ৰাগছৰ সৈতে মিজো আৰক্ষীৰ বিশেষ দলে গ্ৰেপ্তাৰ কৰে। তেখেতৰ পৰা ২০০ টা চাবোনৰ কেচতি ২.৫৫৩ কেজি সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰা হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত ইয়াৰ মূল্য ১২ কোটিতকৈও অধিক হ’ব বুলি অনুমান কৰা হৈছে। আটক যুৱকৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে মিজো আৰক্ষীয়ে।
ইপিনে, অসম -মিজোৰাম সীমান্তবৰ্তী ধলাই সমষ্টি হৈ নতুন কৌশল ব্যৱহাৰ কৰি বহিৰ্ৰাজ্যলৈ সৰবৰাহ কৰা বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী সহ ৭ গৰাকী সৰবৰাহকাৰীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। তদুপৰি পাচঁখন সৰু ডাঙৰ বাহন আটক কৰে ধলাই আৰক্ষীয়ে। এইবাৰ সৰবৰাহকাৰীয়ে গাড়ীৰ ইঞ্জিন থকা বনেটৰ খালী ঠাই বাছি লৈছিল। ধলাই আৰক্ষীয়ে কালি ৰুটিন চেকিং ডিউটিৰ সময়ত এখন আল্ট’, দুটা চেণ্টাৰ, এখন ক্ৰুজাৰ আৰু এখন স্কুটিৰ পৰা বিপুল পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ কৰে। লগতে ৭ জন লোকক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীৰ তালাচীৰ সময়ত ১৫৪৫ কেজি বাৰ্মিজ চুপাৰী জব্দ কৰে। আটক কৰা সৰবৰাহকাৰী হ’ল চালক দিল মহম্মদ বৰভূঞা (২৮), ধলাই ইছলামবাদ নিবাসী ছৈদুল হোছেইন লস্কৰ (৩৬) সোণাই বেৰাবাক দ্বিতীয় ব্লকৰ বাসিন্দা ৰাজু হোছেইন বৰভূঞা (৩০) ,দক্ষিণ ধলাই লোকনাথপুৰ নিবাসী মৃণাল হোছেইন (৩০) ,দক্ষিণ ধলাইৰ নাৰাইনপুৰ নিবাসী কৈনুল হক চৌধুৰী আৰু ভাগা বনগ্ৰামৰ নিবাসী আফজল হোছেইন লস্কৰ (২০)ক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
ইফালে , ত্ৰিপুৰাৰ মুংগিয়াকামি আৰক্ষী থানাৰ আৰক্ষীয়ে পুনৰ নিচাজাতীয় দ্ৰব্য বিৰোধী অভিযানত যথেষ্ট সফলতা অৰ্জন কৰিছে।গোপন সূত্ৰৰ ভিত্তিত অসম-আগৰতলাৰ চেকিং প’ষ্টত ৮ নং ৰাষ্ট্ৰীয় ঘাইপথ মঙলবাৰে নিশা প্ৰায় ১০ বজাত ইউ পি ৭৮ ডি এন ০১৬১ নম্বৰৰ কণ্টেইনাৰ গাড়ী এখনত তালাচী চলোৱা হয়। গাড়ীৰ গোপন চেম্বাৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে ৪৪৮ কেজি গাঞ্জা। যাৰ ক’লা বজাৰত মূল্য ৯০ লাখ টকা ।
এই গোচৰত তেলিয়ামুৰা মহকুমা আৰক্ষী বিষয়া প্ৰসুনকান্তি ত্ৰিপুৰাই কয় যে ,ৰাতি গাঞ্জা উদ্ধাৰৰ উপৰিও গাড়ীখনৰ পৰা চাউল জব্দ কৰা হৈছে। আটক ব্যক্তি জনৰি নাম অশোক ৰায়।আৰক্ষীৰ প্ৰাৰম্ভিক তদন্তত ধৰা পৰা চালকজনেঢ়বিপুল ধনৰ বিনিময়ত ত্ৰিপুৰাৰ সিধাই মোহনপুৰৰ পৰা গাঞ্জা সংগ্ৰহ কৰি বিহাৰলৈ লৈ যোৱাৰ কথা আছিল । আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।