নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শদিয়াৰ দিবাং নদী ঘাটত শোকাবহ নাও দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ৩ মে’: আজি বিয়লি তিনিচুকীয়া জিলাৰ শদিয়াৰ অমৰপুৰৰ দিবাং নদী ঘাটত সংঘটিত হৈছে এক শোকাবহ নাও দুৰ্ঘটনা৷ পাহাৰীয়া, খৰস্ৰোতা দিবাং নদীৰ বুকুৰে অমৰপুৰলৈ গৈ থকা অৱস্থাত এটা গছৰ মূঢ়াত উঠাই দিয়াৰ ফলত পানীত ডুৱ যায় যন্ত্ৰচালিত নাওখন৷

নাওখনত প্ৰায় ২৬ গৰাকী যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ৷ নাওখন ডুব যোৱাৰ ফলত নাওখনত কঢ়িয়াই নিয়া তিনিখনকৈ চাৰি চকীয়া বাহন, দুখন মটৰচাইকেল উটি যোৱা বুলি জানিব পৰা গৈছে ৷

পৰৱৰ্তী সময়ত ঘটনা স্থলীলৈ স্থানীয় আৰক্ষী আৰু SDRF ৰ দল ৰাওনা হোৱাৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাত ততাতৈয়াকৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান ৷

দুৰ্ঘটনাটো ঘাটৰ পৰা প্ৰায় ২০০ মিটাৰ দূৰত্বত সংঘটিত হয় ৷ জানিব পৰামতে স্থানীয় লোকৰ তৎপৰতাত নাওখনত থকা ২৬ গৰাকী যাত্ৰীক সুকলমে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও এইপয্যন্ত উদ্ধাৰ কৰিব পৰা নাই গাড়ী আৰু মটৰচাইকেল কেইখন ৷

তিনিচুকীয়াৰ পৰা বিবেক বড়া ৷

You might also like