নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চানডুবিত বিশ্ব পৰ্যটন দিৱস উদযাপন : গছপুলি ৰোপণ-ডাষ্টবিন স্থাপন 

নিয়মীয়া বাৰ্তা, ২৭ ছেপ্টেম্বৰঃ ৰাজ্যৰ উল্লেখনীয় পৰ্যটন ক্ষেত্ৰ সমূহৰ উপৰি ৯খনকৈ প্ৰধান বিলৰ ভিতৰত চানডুবি বিল অন্যতম৷ দক্ষিণ কামৰূপৰ অসম মেঘালয় সীমান্তৱৰ্তী ৰাজাপাৰাত অৱস্থিত ইতিহাস প্ৰসিদ্ধ বিলখনৰ পাৰতো আজি বিশ্ব পৰ্যটন দিৱস উদযাপন কৰা হয় ৷ চানডুবি টুৰিজিম ছ’চাইটিৰ উদ্যোগত তথা চানডুবি টুৰিষ্ট গাইড এছচিয়েচন ,বোটিং এছচিয়েচন আৰু চানডুবি ভিলেজ ইক’ টুৰিজিমৰ সহযোগত আয়োজিত পৰ্যটন দিৱসৰ অনুষ্ঠানটিৰ কাৰ্যসূচী অনুসৰি ছাত্ৰ ছাত্ৰী সকলৰ মাজত এখনি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে বিলখনৰ বাকৰিত গছপুলি ৰোপণ তথা ডাষ্টবিন স্থাপন কৰা হয় ৷ আনহাতে, পক্ষীৰাজ ৰাভাই সভাপতিত্ব কৰা মুকলি সভাখনৰ আৰম্ভণিতে মস্য ৰাভাৰ বাঁহী বাদনৰ উপৰি বিষয়ববীয়া প্ৰাঞ্জল ৰাভাই উদ্দেশ্য ব্যাখা কৰে ৷ উক্ত সভাত কেন্দ্ৰীয় আৰছু নেতা দেৱজিত নাফা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি নিজ ভাষণত কয় যে – আমি পুনৰ চিন্তা কৰাৰ লগতে সাৱধান হ’বৰ হ’ল ৷ তদুপৰি আমি সকলোৱে এৰি অহা দিনৰ সাধু,সম্বন্ধবোৰৰ ৰক্ষা কৰিবই লাগিব বুলি কয় ৷ আনকি পৰিৱেশতন্ত্ৰ আৰু চানডুবি বিলখনৰ স্বকীয় বৈশিষ্ট্যৰ উচিত সংৰক্ষণ আৰু যথাযোগ্য ব্যৱহাৰ কৰি পৰ্যটনৰ উত্তৰণ সম্পৰ্কে বিতংভাবে আলোকপাত কৰে আৰছু নেতাগৰাকীয়ে ৷ ইফালে সভাখনত বিপ্লৱজ্যোতি বৰ্মন, মুকুট ৰাভা, ৰঞ্জন ৰাভা, দিগন্ত ৰাভা, সঞ্জয় ৰাভা, জয়ন্ত কলিতাকে ধৰি কেইবাগৰাকীও ব্যক্তি তথা প্ৰকৃতিপ্ৰেমী উপস্থিত থাকি নিজ নিজ বক্তব্যত প্ৰকৃতিৰ জৰিয়তে গঢ়িব পৰা আশাব্যঞ্জক পৰ্যটনৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰে ৷

প্ৰেৰক নুৰুল ইছলাম

You might also like