নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস ২০২২ উদযাপন : উপস্থিত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা

বিশেষ বাৰ্তা, ২৭ ছেপ্টেম্বৰ: আজি পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত পৰ্যটন বিভাগ, অসমৰ দ্বাৰা কাজিৰঙাৰ কঁহৰাত বিশ্ব পৰ্যটন দিৱস, ২০২২ উদযাপন কৰা হয়। অসমৰ সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰদৰ্শিত কৰি এক সাংস্কৃতিক সমাৱেশেৰে আৰম্ভ কৰা এই অনুষ্ঠানৰ পৰৱৰ্তী পৰ্যায়ত “পৰ্য্যটন পুনৰচিন্তন” আলোচনা চক্ৰ অনুষ্ঠিত হয়। মুকলি অধিবেশনত ভাষণ দি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই পৰ্যটনক লৈ মত ব্যক্ত কৰি সাংস্কৃতিক বিনিময় আৰু অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত পৰ্যটনৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে পৰ্যটক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ লগতে আউটষ্টেচন পৰ্যটকৰ বাবে উপযুক্ত আতিথ্য নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। পৰ্যটন আৰু আতিথ্য উদ্যোগীসকলে আতিথ্য আন্তঃগাঁথনি সৃষ্টিৰ ক্ষেত্ৰত আগভাগ ল’ব লাগে আৰু উদ্যোগীসকলক সুবিধা আৰু প্ৰচাৰৰ বাবে চৰকাৰে অনুঘটক হিচাপে কাম কৰিব। তেওঁ আৰু কয় যে ৰাজ্য বা দেশৰ বাহিৰত বসবাস কৰা পৰ্যটকসকলক আকৰ্ষণ কৰিবলৈ সংবাদ মাধ্যমে অসমৰ ইতিবাচক দিশসমূহ আলোকপাত কৰিব লাগে। “অসমৰ পৰ্যটন বেছিভাগেই ধৰ্মীয়, প্ৰত্নতাত্ত্বিক আৰু বন্যপ্ৰাণীকেন্দ্ৰিক, গতিকে এই দিশসমূহক প্ৰচাৰ কৰাৰ ক্ষেত্ৰত আমি সম্ভাৱনা আৰু অধিক বিচাৰি উলিওৱাটো প্ৰয়োজন” বুলি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়। একেটা অনুষ্ঠানতে “অনুপম অসম” নামেৰে এখন কফি টেবুল বুকো উদ্বোধন কৰে মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, অতিৰিক্ত মূখ্য সচিব মণিন্দৰ সিং, এ টি ডি চিৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা; এ টি ডি চিৰ উপাধ্যক্ষ দিলীপ দাস; এটিডিচিৰ এম ডি কুমাৰ পদ্মপাণি বৰা, পৰ্যটন বিভাগৰ অ’ এছ ডি ৰজবী হুছেইনৰ লগতে অন্যান্য সন্মানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে ৷

You might also like