আজিৰে পৰা আৰম্ভ নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ কেন্দ্ৰীয় অধিৱেশন
নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ নিখিল বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ লগতে ধেমাজি জিলা বড়ো প্ৰাথমিক শিক্ষক সন্থাৰ ৩২সংখ্যক অধিৱেশনখন আজিৰে পৰা ধেমাজি জিলাৰ চিমেন চাপৰিস্থিত সতীশ বসুমতাৰী বড়ো হাইস্কুল খেলপথাৰত অনুষ্ঠিত হৈছে।
অধিৱেশনৰ আজি পুৱা ৮ বজাত স্বচ্ছ অভিযানৰ পাছতে পুৱা ৮-৩০ বজাত মূল তোৰণ উদ্বোধন কৰে জোনাই জিলা বড়ো সাহিত্য সভাৰ সভাপতি দানসৌৰাং ব্ৰহ্মই। ইয়াৰ পাছতে আৰম্ভ হয় বিভিন্ন কাৰ্যসূচী।
বিয়লি ৪ বজাৰ পৰা আৰম্ভ হোৱা কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি সভাত এজনীয়া শিক্ষক, প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক পদ সৃষ্টি, বড়ো মাধ্যমৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ অভাৱ দূৰ কৰিবলৈ বিটিআৰৰ বাহিৰৰ বড়ো যুৱক-যুৱতীসকলৰ মাজত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰা, বেতন বঞ্চিত শিক্ষকৰ সমস্যা,অপ্ৰাদেশীকৃত বিদ্যালয়ৰ সমস্যা আদিৰ ওপৰত আলোচনা কৰা হয়।
সভাত বড়ো মাধ্যমৰ প্ৰাথমিক থকা অসমৰ একৈশখন জিলাৰ পৰা এহেজাৰ শিক্ষক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা অধিৱেশনৰ কাইলৈ অৰ্থাৎ ২৩ জানুৱাৰীৰ পুৱা ৮ বজাত পতাকা উত্তোলনৰ মাজেৰে আৰম্ভ হব। দিনৰ ১১-৩০ বজাৰ পৰা চবিন স্বৰ্গীয়াৰীৰ সভাপতিত্ত্বত আৰম্ভ হব লগা মুকলি সভাখন উদ্বোধন কৰিব ধেমাজি জিলা প্ৰাথমিক শিক্ষা বিষয়া কবিতা ডেকাই।
মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে ভাষণ আগবঢ়াব বড়ো সাহিত্য সভাৰ উপ-সভাপতি ড৹ দীননাথ বসুমতাৰীয়ে।মলেন্দ্ৰ নাৰ্জাৰীয়ে আদৰণী ভাষণ আগবঢ়াব লগা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব জোনাইৰ বিধায়ক ভুবন পেগু, বিশিষ্ট অতিথি হিচাপে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়া, সাংসদ প্ৰদান বৰুৱাই।