ছয়গাঁও, বামুনীগাঁৱৰ বিভিন্ন প্ৰান্তত খেতিপথাৰত চিৰাল ফাট; কুম্ভকৰ্ণ নিদ্ৰাত ৰাজ্যৰ কৃষি আৰু জলসিঞ্চন বিভাগ
নিয়মীয়া বাৰ্তা, ৭ আগষ্ট : ক’ৰোনা ভাইৰাছৰ ত্ৰাসৰ মাজতে কৃষক সকলৰ বাবে দু:খবৰ । কামৰূপ জিলাৰ ছয়গাঁও আৰু বামুনীগাঁৱৰ বিভিন্ন প্ৰান্তত খেতিপথাৰত প্ৰখৰ ৰদৰ বাবে চিৰাল ফাট মেলিছে । যাৰ বাবে কৃষক সকলে মুৰে কপালে হাত দিছে ।
ক’ৰোনা ভাইৰাছৰ এই সময়চোৱাত আৰ্থিক ভাবে কৃষক সকল নানা ধৰণৰ সমস্যাৰ সন্মুখীন হৈ আহিছে । বহু কৃষকে ধাৰ, ঋণ লৈ বহু আশা কৰি শালি ধানৰ খেতি কৰিছিল যদিও এই কেইদিন ধাৰাবাহিক ভাবে দি থকা প্ৰখৰ ৰদৰ বাবে এতিয়া পানীৰ অভাৱত খেতি পথাৰত বৃহৎ বৃহৎ ফাট মেলিছে । যাৰ বাবে তেওঁলোকে কি কৰিব কি নকৰিব তেনেকুৱা পৰিস্হিতিৰ সৃষ্টি হৈছে । কাৰণ এই অঞ্চলৰ সৰহভাগ কৃষকে খেতিৰ ওপৰতে ভিত্তি কৰিয়ে পৰিয়ালৰ ভোৰণ পোষণ দি আহিছে । যদিহে এইবাৰ খেতি বিনষ্ট হৈ যায় তেতিয়া হলে তেওঁলোকে কিদৰে পৰিয়াল চলাব তাক লৈ কৃষক সকল উদ্বিগ্ন হৈ পৰিছে । এই কৃষক সকলে নিজৰ মুৰৰ ঘাম মাটিত পেলাই কষ্ট কৰি খেতি কৰিছে । উল্লেখ্য যে কৃষক সকলৰ কৃষিৰ বাহিৰে অন্য উপাৰ্জনৰ পথ নাই । যদিহে একমাত্ৰ উপাৰ্জনৰ পথটো বন্ধ হৈ যায় তেতিয়া হলে কৃষক সকলৰ অৱস্থা কি হব সেয়া সকলোৰে অনুমেয় ।
এখন দেশ তথা ৰাজ্যৰ অৰ্থনীতিৰ দিশৰ চালিকা শক্তি হিচাপে মুখ্য ভুমিকা গ্ৰহন কৰি আহিছে যদিও কৃষক সকলৰ এই সমস্যা সমূহ চাবলৈ ৰাজ্যৰ কৃষি বিভাগ তথা জলসিঞ্চন বিভাগৰ সময়ে নাই । ৰাজ্যৰ মুখ্যমন্ত্রীয়ে কৃষক সকলোৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়তহে হ’ব লক্ষণীয় ।