নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দদৰাত চকু চিকিৎসা শিবিৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ অ’এছডি হেমন্ত চৌধুৰীৰ

বিশেষ বাৰ্তা, ১৭ আগষ্ট : গুৱাহাটী লায়ঞ্চ ক্লাবৰ উদ্যোগত আৰু বিজেপিৰ সহযোগত আজি দদৰাস্থিত ভৃগু কুমাৰ ফুকন প্ৰেক্ষাগৃহত বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হৈ যায়।‌ শিবিৰটো মুকলি কৰে মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে৷ শিবিৰটো উদ্বোধন কৰি বিষয়াগৰাকীয়ে চকু মানুহৰ গুৰত্বপূৰ্ণ অংগ৷ গতিকে ইয়াক সাৱধানে ৰখাৰ প্ৰয়োজন বুলি উল্লেখ কৰি চকুৰ যিকোনো ৰোগ হলেই চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰাটো অতি জৰুৰী বুলি কয়৷ শিবিৰ উদ্বোধন হোৱাৰ পিছতেই বৃক্ষৰোপণ কৰে দদৰা গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি মহেশ্বৰ বৈশ্যই৷ প্ৰায় দুশ ৰোগীয়ে চিকিৎসা সেৱা লাভ কৰা দুয়োটা অনুষ্ঠানত উপস্থিত থাকে লায়ঞ্চ ক্লাবৰ বসন্ত আগৰৱালা, বিজেপিৰ শুৱালকুছি মণ্ডলৰ সভাপতি ধীৰাজ মহন্ত, বিজেপিৰ অনুসুচিত জাতি মৰ্চাৰ উপ-সভাপতি প্ৰকাশ দাস, সমাজকৰ্মী কেশৱ কলিতা, মাণিক দাস আৰু নৃপেন ডেকা।
প্ৰেৰক দিলীপ মেধি
You might also like