শদিয়াত নির্মাণ হ’ব জননেতা ভীমবৰ দেউৰীৰ স্মৃতিক্ষেত্র
নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ শদিয়াত ১১০ বিঘা ভূমিত জননেতা ভীমবৰ দেউৰী স্মৃতিক্ষেত্র স্থাপন কৰিব ৰাজ্য চৰকাৰে৷ আজি এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ জননেতাগৰাকীৰ ৭৩সংখ্যক মৃত্যু দিৱসৰ লগত সংগতি ৰাখি লখিমপুৰৰ নাৰায়ণপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি সোণোৱালে কয়– ‘কেৱল পৰিশ্রমৰ জৰিয়তে পৰিৱর্তন সম্ভৱ৷ বর্তমানৰ ৰাজ্য চৰকাৰখনে প্রতিটো জাতি–জনগোষ্ঠীৰ মহান মনীষীসকলৰ স্মৃতি যুগমীয়া কৰাৰ বাবে ২০১৬ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে প্রচেষ্টাত ব্রতী হৈ আছে৷ এই প্রচেষ্টাৰ অংশ হিচাপে শদিয়াত জননেতা ভীমবৰ দেউৰীৰ নামত ১১০ বিঘা ভূমি সামৰি স্মৃতিক্ষেত্র নির্মাণৰ দিশত ৰাজ্য চৰকাৰে পদক্ষেপ লৈছে৷’ এই স্মৃতিক্ষেত্র নির্মাণৰ ক্ষেত্রত দেউৰী জনগোষ্ঠীৰ সকলো দল–সংগঠনক সহায়–সহযোগিতা কৰিবলৈ আহ্বান জনায়৷ মুখ্যমন্ত্রী ভীমবৰ দেউৰীৰ কর্মৰাজিৰ উপযুক্ত মূল্যায়ন আৰু অধ্যয়ন কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে৷ পৰৱর্তী পর্যায়ত ভীমবৰ দেউৰী দিৱসৰ লগত সংগতি ৰাখি তেওঁৰ জীৱন আৰু কর্মৰাজিৰ ওপৰত কুইজ, ৰচনা আদি প্রতিযোগিতা অনুষ্ঠিত কৰাৰো তেওঁ পোষকতা কৰে৷ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু লখিমপুৰ জিলা প্রশাসন, দেউৰী স্বায়ত্তশাসিত পৰিষদ তথা সদৌ অসম দেউৰী ছাত্র সন্থাৰ সহযোগিতাত আয়োজিত এই অনুষ্ঠানত মুখ্যমন্ত্রী সোণোৱালে এইবুলিও কয়– ‘ইংৰাজৰ বিৰুদ্ধে যিকেইগৰাকী নেতাই শক্তিশালীভাৱে যুঁজ দিছিল, তেনে এগৰাকী প্রকৃত নেতা আছিল ভীমবৰ দেউৰী৷ এইগৰাকী জননেতাই ভাৰতৰত্ন লোকপ্রিয় গোপীনাথ বৰদলৈৰ সৈতে নেতৃত্ব প্রদান কৰি অসমক ভাৰতবর্ষৰ এক অন্যতম অংগ হিচাপে স্বাভিমানেৰে বর্তি থকাৰ দিশত উল্লেখযোগ্য বৰঙণি আগবঢ়াইছিল৷ এইগৰাকী জননেতাৰ আদর্শৰে নৱপ্রজন্মই শিক্ষা জীৱনত কঠোৰ পৰিশ্রমত ব্রতী হৈ জাতীয় জীৱন শক্তিশালী কৰিব লাগিব৷ শিক্ষা অবিহনে এটা জাতি কেতিয়াও শক্তিশালীভাৱে মূৰ তুলি থাকিব নোৱাৰে৷ তাহানিৰ দিনতে নানা প্রতিকূলতা নেওচি শিক্ষাৰ দিশত জননেতা ভীমবৰ দেউৰী জাতিষ্কাৰ হৈছিল৷ বর্তমানৰ ছাত্র–ছাত্রীসকলে তেনেধৰণৰ জাকত জিলিকা কাৰণ কোনো থাকিব নোৱাৰে৷ বর্তমানৰ চৰকাৰে কোনো দুখীয়া পৰিয়ালৰ ছাত্র–ছাত্রী যাতে ধনৰ অভাৱত শিক্ষাৰ পৰা বঞ্চিত হ’ব নালাগে, তাৰ বাবে বিনামূলীয়া নামভর্তি, বিনামূলীয়া পাঠ্যক্রম, বিনামূলীয়া ইউনিফর্ম, শৈক্ষিক জলপানি, উচ্চ শিক্ষাৰ বাবে লোৱা ঋণৰ ক্ষেত্রত এককালীন ৫০ হাজাৰ টকাৰ ৰাজসাহায্য প্রদানৰ দৰে গুৰুত্বপূর্ণ পদক্ষেপ লোৱা হৈছে৷ ইমান সা–সুবিধা প্রদান কৰা সত্ত্বেও আজিৰ প্রজন্মৰ শিক্ষার্থীয়ে যদি শিক্ষাৰ প্রতি ধাউতি বৃদ্ধি নকৰে, তেনেহ’লে ভীমবৰ দেউৰীৰ প্রতি প্রকৃত শ্রদ্ধাঞ্জলি জ্ঞাপন কৰা নহ’ব৷’ অনুষ্ঠানৰ পূর্বে মুখ্যমন্ত্রী সোণোৱালে জননেতা দেউৰীৰ প্রতিচ্ছবিত মাল্যাপর্ণ কৰি নেতাগৰাকীলৈ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ এই অনুষ্ঠানত ভাষণ প্রদান কৰি সাংস্কৃতিক পৰিক্রমা দপ্তৰৰ মন্ত্রী নৱ কুমাৰ দলেই কয় যে জননেতা ভীমবৰ দেউৰীয়ে শোষিত–নিষ্পেষিত জনসাধাৰণৰ কল্যাণ তথা বৃহত্তৰ অসমীয়া সমাজ গঢ়াৰ দিশত উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে৷ বর্তমানৰ চৰকাৰখনে চৰাইদেউত ৪২গৰাকী আহোম স্বর্গদেউৰ প্রতিমূর্তি নির্মাণৰ প্রাথমিক কাম–কাজ সম্পন্ন কৰিছে বুলিও তেওঁ উল্লেখ কৰে৷ এই অনুষ্ঠানত অংশগ্রহণ কৰি তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱলোচন দাসে কয় যে জাতি নির্মাতাসকলৰ অৱদানৰ প্রতি সন্মান জনাই উপযুক্ত মর্যাদা প্রদানৰ লক্ষ্যৰে বর্তমানৰ চৰকাৰখনে বহু পদক্ষেপ গ্রহণ কৰিছে৷ এই অনুষ্ঠানত বিহপুৰীয়া সমষ্টিৰ বিধায়ক দেৱানন্দ হাজৰিকা, প্রাক্তন শিক্ষামন্ত্রী প্রেমধৰ বৰায়ো ভাষণ প্রদান কৰে৷ সাংস্কৃতিক পৰিক্রমা বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰাই আদৰণী ভাষণ প্রদান কৰে৷ আজিৰ এই অনুষ্ঠানত লখিমপুৰ জিলাৰ উপায়ুক্ত ডাঃ জীৱন বি, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচার্য ড০ দিবাকৰ ডেকা, দেউৰী স্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ বিষ্ণু দেউৰী, সমাজকর্মী ড০ অমিয় ভূঞাকে ধৰি বহুসংখ্যক গণ্য–মান্য ব্যক্তি উপস্থিত থাকে৷