নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিটিচিত ১৫ ডিচেম্বৰত আমাৰেই চৰকাৰ, হিমন্তক ইনভাইটেচন নিদিওঁ

নিয়মীয়া বাৰ্তা, ১ ডিচেম্বৰঃ মই যিমান দিনলৈ আছো বিটিআৰত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ কাম নাই৷ তেওঁ কাক উচ্ছেদ কৰিব? যি কৰিব লগা আছে তেওঁ জালুকবাৰীত কৰক ৷ –কালি ওদালগুৰি জিলাৰ ৪০নং ৰৌতা পৰিষদীয় সমষ্টিৰ দলীয় প্রার্থী খগেন মোছাহাৰীৰ হৈ প্রচাৰলৈ আহি বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে এই মন্তব্য কৰে ৷

সমষ্টিটোৰ অন্তর্গত ধনশিৰিত প্রাক্তন ভিচিডিচিৰ সভাপতি আব্দুল মজিদৰ পৌৰোহিত্যত অনুষ্ঠিত এখন নির্বাচনী সভাত ভাষণ দি বিপিএফৰ সভাপতি মহিলাৰীয়ে কয়– আমি বডো, নেপালী, গাৰো, ৰাভা, আদিবাসী, ৰাজবংশী, বঙালী সকলোৱেবহু শান্তিত আছোঁ ৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এটাই পৰিৱর্তন কৰিব বিচাৰে, তেওঁ বিচাৰে অশান্তি৷ সেয়াই পৰিৱর্তন নেকি? মহিলাৰীয়ে মাটি–বাৰী সম্পর্কত কয় যে চৰকাৰী মাটিত খাজনা দি বহি থাকিলে চিন্তা নাই ৷ আমি পট্টা দিয়াৰ ব্যৱস্থা কৰিম ৷ মাত্র জৰীপ কৰিব লাগিব ৷ ৰাজহ চক্র বিষয়া, ২–৩জন মণ্ডল বা কাননগো আহিব ৷ চুবাই চুবাই গৈ ঠাইতে আমি মাটিৰ পট্টা দিম ৷ এই সাহস কাৰ আছে? আমাৰ বিপিএফৰহে আছে ৷

ইফালে, সাংবাদিকৰে হোৱা আছুতীয়া বার্তালাপত নির্বাচনী সভাবোৰত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কৰা বিশেষ কেতবোৰ মন্তব্যৰ প্রসংগ টানি কৰা প্রশ্ণৰ উত্তৰত মহিলাৰীয়ে কয়– ১৫ ডিচেম্বৰত বিটিচিত আমাৰ বিপিএফৰে চৰকাৰ হ’ব ৷ তাৰিখ, সময় সলনি কৰা নাই৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক নামাতো৷ আমি ইনভাইটেচন কার্ড নিদিওঁ ৷ চৰকাৰ গঠনৰ সময়ত মুখ্যমন্ত্রী–ৰাজ্যপাল আহিব৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ পিকনিক খোৱাৰ প্রসংগ সাংবাদিকে উনুকিয়াই দিয়াত এইবাৰ তেওঁ কয়– ড০ হিমন্ত বিশ্ব শর্মাহ কি পিকনিক খাব নিৰামিষ মানুহ তেওঁ, মাছ–মাংস নাখায়, তেনে পার্টী খায় নেকি ? পার্টীটো আমিহে খাম৷ তেওঁ এনেই মিছা কথা কয়৷ ইউপিপিএলৰ সভাপতি প্রমোদ বডো সন্দর্ভত কৰা প্রশ্ণৰ উত্তৰত গতানুগতিকভাৱে মহিলাৰীয়ে কয় যে প্রমোদ বডো বেপাৰী মানুহ৷ এই বেপাৰী মানুহক লৈ মোক একো কথা নুসুধিব৷

You might also like