নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত ৰাজ্যৰ মুখ্য সচিব জিষ্ণু বৰুৱা

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ   বিভিন্ন চৰকাৰী আঁচনিৰ পৰ্যালোচনাৰ বাবে অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা কালি সন্ধিয়া ধুবুৰীত উপস্থিত হয়হি৷ কালি সন্ধিয়াৰ পৰা নিশা পৰ্যন্ত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধ্যক্ষৰ দায়িত্বতো থকা বৰুৱাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কাম কাজৰ পৰ্যালোচনা কৰে৷ তেওঁ কোকৰাঝাৰ চক্ৰৰ কোকৰাঝাৰ সংমণ্ডল আৰু ধুবুৰী সংমণ্ডল; আৰু বঙাইগাঁও চক্ৰৰ গোৱালপাৰা সংমণ্ডলৰ অধীনৰ উপ-সংমণ্ডলসমূহৰ দায়িত্বত থকা বিষয়াসকলৰ উপস্থিতিত মূলতঃ মাচুল আদায়ৰ বিষয়ত পৰ্যালোচনা কৰে৷ তেওঁ ৰাজহ সংগ্ৰহত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে আৰু নিয়মিত মাচুল আদায় নিদিয়া গ্ৰাহকৰ বিৰুদ্ধে বিদ্যুৎ সংযোগ কৰ্তনকে ধৰি কঠোৰ পদক্ষেপ লবলৈ নিৰ্দেশ দিয়ে৷ পৰ্যালোচনা বৈঠকত ধুবুৰী জিলা উপায়ুক্ত অন্বামুথন এম পি, বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিবানী, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কেবাজনো শীৰ্ষ বিষয়া, ধুবুৰী জিলা প্ৰশাসনৰ কেবাজনো শীৰ্ষ বিষয়া উপস্থিত থাকে৷

আনপিনে মুখ্য সচিবগৰাকীয়ে আজি পুৱা জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ন কৰি থকা জলজীৱন অভিযান আৰু ভূমি সংক্ৰান্তীয় বিবাদ, অভিযোগ আদি মীমাংসাৰ বাবে অসম চৰকাৰে আৰম্ভ কৰা ‘মিছন বসুন্ধৰা’ৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে৷ তেওঁ জলজীৱন অভিযানৰ ৰূপায়নৰ কাম অধিক তৰান্বিত কৰিবলৈ সংশ্লিষ্ট সকলোকে নিৰ্দেশ দিয়ে৷ আনহাতে ‘মিছন বসুন্ধৰা’ৰ অধীনত মাটি-বাৰী সংক্ৰান্তীয় দাবী আৰু অভিযোগবোৰ ক্ষিপ্ৰতাৰে সমাধান কৰাত গুৰুত্ব দিবলৈ তেওঁ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে৷ পৰ্যালোচনা বৈঠকৰ পিছতে তেওঁ ধুবুৰীৰ পৰা দিছপুৰ অভিমুখে ৰাওনা হয়৷

You might also like