নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিয় উৰ্মিলা মাতণ্ডকৰক ছফ্ট পৰ্নষ্টাৰ বুলিলে কংগনাই?

নিয়মীয়া বাৰ্তা, ১৭ ছেপ্টেম্বৰঃ বিভিন্ন মন্তব্যৰে বৰ্তমান লাইমলাইটত থকা বলীউড কুইন কংগনা ৰানাৱটৰ শেহতীয়া টাৰ্গেট হ’ল বলীউডৰ একালৰ মোহময়ী অভিনেত্ৰী উৰ্মিলা মাতণ্ডকৰ। এটা টিভি সাক্ষাৎকাৰত ৰানাৱটে উৰ্মিলাক ছফ্ট পৰ্নষ্টাৰ বুলি উল্লেখ কৰে।

ৰানাৱটে কয় যে উৰ্মিলা এগৰাকী ছফ্ট পৰ্নষ্টাৰ। তেওঁক অভিনয়ৰ বাবে নহয় জনা নাযায়, ছফ্ট পৰ্নৰ বাবেহে জনা যায়। ৰানাৱটে টুইটযোগেও পৰোক্ষভাৱে উৰ্মিলাক আক্ৰমণ কৰা দেখা যায়।

ইয়াৰ পিছতে বলীউড জগতৰ বহুতে কংগনা ৰানাৱটৰ উক্ত মন্তব্যৰ বিৰোধিতা কৰাৰ লগতে উৰ্মিলা মাতণ্ডকৰৰ সপক্ষে থিয় দিয়ে।

উল্লেখ্য কালি এটা সাক্ষাৎকাৰত উৰ্মিলাই কংগনা ৰানাৱটক লৈ কিছু মন্তব্য কৰাৰ পিছতে অভিনেত্ৰীগৰাকীক লৈ নাৰাজ ৰানাৱটে এইদৰে মন্তব্য কৰে।

উৰ্মিলা মাতণ্ডকৰে ৰানাৱটক বলীউডৰ কোন নামি-দামী অভিনেতা-অভিনেত্ৰীয়ে ড্ৰাগছ লয় তাক প্ৰকাশ কৰিবলৈ শ্লেষাত্মক আহ্বান জনোৱাৰ লগতে কৈছিল যে কংগনাৰ গৃহ ৰাজ্য হিমাচল প্ৰদেশৰ পৰাই কংগনাই ড্ৰাগছ বিৰোধী অভিযান চলাব লাগিছিল।

You might also like