নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাং উপায়ুক্তৰ চৰকাৰী আবাস কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা

নিয়মীয়া বাৰ্তা, ৪ জুলাই: চিৰাং জিলাৰ সদৰ কাজলগাঁওস্থিত জিলা উপায়ুক্তৰ চৰকাৰী আবাস চৌহদক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে । চিৰাং জিলা দণ্ডাধীশ তথা জিলা উপায়ুক্ত গৌতম তালুকদাৰে আজি এক নিৰ্দেশনাৰ জৰিয়তে এই ঘোষণা কৰিছে বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে । নিৰ্দেশনা অনুসৰি জিলা উপায়ুক্তৰ চৰকাৰী আবাসৰ উত্তৰ দিশে প্ৰয়াত সাৰদা বৰগয়াৰীৰ চৌহদৰ সীমা,দক্ষিনে চিৰাং জিলা আৰক্ষী অধীক্ষকৰ চৰকাৰী আবাসৰ সীমা, পূবে জিলা অতিৰিক্ত উপায়ুক্তৰ চৰকাৰী আবাসৰ সীমা আৰু পশ্চিমে জিলা পেৰেড গ্ৰাউণ্ডৰ সীমা । কনটেইনমেন্ট জ’ন হিচাপে চিনাক্ত কৰা চৌহদত কোনো যানবাহানৰ চলাচল আৰু সৰ্বসাধাৰণ ৰাইজৰ আহযাহ নিষিদ্ধ কৰা হৈছে বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে ।

জিলা উপায়ুক্তই আজি চৌহদটো কনটেইনমেন্ট জ’ন হিচাপে ছীল কৰিবলৈ চিদলী ৰাজহ চক্ৰ বিষয়াক নিৰ্দেশ দিয়ে।অসম কোভিড-১৯ ৰেগুলেচন ২০২০ৰ জন স্বাৰ্থ আৰু সংক্ৰমন প্ৰতিৰোধ আইনৰ অধীনত জাৰি কৰা এই নিৰ্দেশনা অমান্য কৰা ব্যক্তি সকলৰ বিৰুদ্ধে উল্লেখিত আইনৰ উপৰিও’ডা ডিজাষ্টাৰ মেনেজমেন্ট এক্ট ২০০৫’,’ডা ইপিডেমিক ডিজাষ্টাৰ এক্ট ১৮৯৭’ তথা অন্যান্য আইনী ধাৰাৰ অধীনত নিৰ্দেশনা উলংঘা কৰা সকলৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে ।

You might also like