নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিয়াজুলী মাজ গাঁও পথাৰত ধান দাই জিলা উপায়ুক্ত, বিধায়কৰ উপস্থিতিত পথাৰ দিৱস পালন লখিমপুৰ জিলা কৃষি বিভাগৰ

নিয়মীয়া বাৰ্তা, ২৫ নৱেম্বৰ : লখিমপুৰ জিলাৰ চিয়াজুলী হিন্দু মাজ গাঁওত আজি ধুমধামেৰে পথাৰ দিৱস পালন কৰে লখিমপুৰ জিলা কৃষি বিভাগে ।অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তৰ প্ৰকল্প ২০২১-২০২২ বৰ্ষৰ অধীনত চি এছ এছ আৰু আত্ম’ৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত গাঁওখনৰ কৃষক বিতোপন দাসৰ ধাননি পথাৰ পৰিদৰ্শন কৰাৰ লগতে ধান দাই পথাৰ দিৱস পালন কৰে লখিমপুৰ জিলা কৃষি বিভাগে।

উল্লেখযোগ্য যে, যোৱাটো বাৰিষাত উন্নত জাতৰ ধানৰ সমাহাৰ আঁচনিৰ অধীনত লখিমপুৰ জিলা কৃষি বিভাগে অধিক উৎপাদনশীল উন্নত জাতৰ ধানৰ কঠীয়া পৰীক্ষামুলক ৰোপন কৰিছিল হিতাধিকাৰী বিতোপন দাসৰ পথাৰত। আইজং, ৰঞ্জিত, মাচুৰী কণ জহা, ক’লা জহা, নানিয়া, চাংসা, বৰা, নেপাল, নগাশালি, এই দহটা উন্নত জাতৰ সমাহাৰেৰে ১ বিঘা মাটিত ৰোপণ কৰা পকা ধান কাটি, কৃষকৰ দ্বাৰা উন্নত জাত নিৰ্বাচন কৰিবলৈ কৃষি বিভাগে পথাৰ দিৱস আয়োজন কৰে।

এই কাৰ্যসূচীত উপস্থিত থাকি লখিমপুৰ জিলাৰ উপায়ুক্ত সুমিত সাত্তৱান আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাই পথাৰ পৰিদৰ্শন কৰাৰ লগতে কেনেদৰে উন্নত জাতৰ ধান উন্নত কৃষি পদ্ধতিৰে খেতি কৰি কৃষক সকল অধিক লাভান্বিত হ’ব পাৰে , এই বিষয়ত এক বিস্তৃত বক্তব্য দাঙি ধৰে। বগীনদী কৃষি খণ্ডৰ সহ কাৰিকৰী সঞ্চালক জুমি গগৈ, ক্ষেত্ৰ সম্প্ৰসাৰণ কৰ্মী বিপিন বৰা আৰু সোনাৰাম শইকীয়াৰ নেতৃত্বত আয়োজিত এই পথাৰ দিৱসত জিলা কৃষি বিষয়া মোহন ডেকা বৰুৱা, নডেল বিষয়া গণেশ লাহন, চাবতিচক্ৰৰ কৃষি উন্নয়ন বিষয়া দণ্ডেশ্বৰ ভৰালী, বগীনদীৰ বদন লাহন , লালুকৰ ডঃ ৰিতুপন দত্ত, আত্ম’ৰ অতিৰিক্ত প্ৰকল্প সঞ্চালক ডঃ ভাস্বতী ভট্টাচাৰ্য, এপাৰ্টৰ গৱেষিকা ডঃ জুলী দত্ত, লক্ষীকান্ত দাস কে ধৰি কৃষি বিভাগৰ অন্য বহু কেইজন বিষয়া কৰ্মচাৰীৰ লগতে কদম জিলা পৰিষদৰ সদস্য তৰুণ গগৈ আৰু থৌ থুৱনি পঞ্চায়তৰ সভানেত্ৰী দীপাঞ্জলী দলৈ সোনোৱাল উপস্থিত থাকে। ফটো আছে ।

You might also like