নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীৰ আৰক্ষীৰ জালত গভাইত চোৰঃ উদ্ধাৰ চুৰি কৰা নগদ ধনকে ধৰি আ–অলংকাৰ

নিয়মীয়া বাৰ্তা ২৫ নৱেম্বৰঃ ধুবুৰীৰ আৰক্ষীৰ জালত এটা গভাইত চোৰ কৰায়ত্ব হোৱাৰ এক ঘটনা পোহৰলৈ আহিছে। ঘটনাৰ বিৱৰণি অনুসৰু, জনৈক ছফিউৰ সৰকাৰ নামৰ ব্যক্তি এজনে তেখেতৰ গৃহৰ পৰা সোণৰ আ–অলংকাৰকে ধৰি নগদ ধন চুৰি হোৱা বুলি দিয়া আৰক্ষীৰ ওচৰত এক অভিযোগ দিছিল। সেই অভিযোগৰ ভিত্তিত অনুসন্ধান চলাই যোৱানিশা ধুবুৰী চহৰ উপ–পৰিদৰ্শক ত্ৰিলোচন দাসৰ নেতৃৃত্বত আৰক্ষীৰ এটি দলে আৰিফুল আহমেদ নামৰ গভাইত চোৰ এজনক কৰায়ত্ব কৰা বুলি প্ৰকাশ। ধৃত যুৱকজনৰ পৰা নগদ ৫১ হাজাৰ টকা, এযোৰ সোণৰ কাণফুলি, সোণৰ নাকফুলি, খাৰুৰ ওপৰত লগৱা সোণৰ পাত, ৰূপৰ মালা এডাল, ৰূপৰ পায়েল, এটা বেংকৰ এটিএমকে ধৰি এটা স্মাৰ্ট ফোনো উদ্ধাৰ হোৱা বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।

You might also like