চিমেন চাপৰিত বন বিভাগ, বিভিন্ন সংগঠনৰ বিশ্ব পৰিৱেশ দিৱস পালন
নিয়মীয়া বাৰ্তা, ৫ জুনঃ আন প্ৰান্তৰ লগতে চিমেন চাপৰিৰ বিভিন্ন অঞ্চলত বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।তেলাম খণ্ড বন বিষয়া কাৰ্য্যলয়ৰ অন্তৰ্গত চিমেন চাপৰি সাহিত্য মনিষী উপবন চৌহদত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছপুলি ৰোপণৰ কাৰ্য্যসূচী ৰূপায়ণ কৰা হয়। অনুষ্ঠানত ৰোপক হিচাপে উপস্থিত থাকি চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলেই থলুৱা উন্নতজাতৰ আম,চিমেন চাপৰি গাওঁ পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰে জামু, গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ সাধাৰণ সম্পাদক তোলন সোনোৱালে থলুৱা উন্নতজাতৰ আম,প্ৰাক্তন বিএলটিৰ সদস্য ফুলেন মুছাহাৰীয়ে মধুৰী পুলি ৰোপন কৰে।
গছপুলি ৰোপণ কৰি চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলেই কয় এইবাৰ পৰিস্থিতিতন্ত্ৰৰ পুনৰুদ্ধাৰ শীৰ্ষক মূল বিষয় লৈ ৰাষ্ট্ৰসংঘই পৰিৱেশতন্ত্ৰৰ সংৰক্ষণ আৰু সজাগতা সৃষ্টিৰ জৰিয়তে বিশ্বত পৰিৱেশ ৰক্ষাৰ দিশত গুৰুত্ব আৰোপ কৰিছে বুলি উল্লেখ কৰি পৃথিৱীখন সেউজী কৰি ৰখাৰ দায়িত্ব কেৱল বন বিভাগৰ ওপৰত নিৰ্ভৰ নকৰি প্ৰত্যেকেই গছপুলি ৰোপণ কৰি ইয়াৰ যত্ন ল’লেহে প্ৰকৃতাৰ্থত পৰিৱেশ সংৰক্ষিত হ’ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে।
অনুষ্ঠানত উপস্থিত থাকি তেলাম বন খণ্ড বিষয়া ইন্দ্ৰ গগৈয়ে চমু বক্তব্যত কয় অসম চৰকাৰৰ বন বিভাগৰ পুঁজিৰে বনানীকৰণ গঢ়ি তোলাৰ লগতে বিভিন্ন লুপ্তপ্ৰায় ঔষধি, ফলমূল আৰু সৌন্দৰ্য্যবৰ্ধন জাতীয় গছপুলি ৰোপণ কৰি ছাত্র-ছাত্ৰী সকলৰ গৱেষণামূলক অধ্যয়ন আৰু পৰ্যটক সকলৰ বাবেও আকৰ্ষণৰ কেন্দ্ৰস্থল হিচাপে চিমেন চাপৰিত নিৰ্মাণ কৰা সাহিত্য মনিষী উপবনখনত পঞ্চাশ বিধ বাঁহ, তিনিশৰো অধিক ফলমূল, পাঁচশৰো অধিক ঔষধি,সত্তৰোধিক সৌন্দৰ্যবৰ্ধন, আৰু দহ বিধ অৰ্কিড সংৰক্ষণ কৰা হৈছে আজি ইয়াৰ চৌহদত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে পৰিৱেশ নিৰ্মূলকৰণৰ উদ্দেশ্যি ফলমূলৰ পুলি ৰোপণ কৰা হৈছে বুলি কয়।
বন খণ্ড বিষয়া ভূপেন দেউৰী উপস্থিত থকা কাৰ্য্যসূচীত জ্যেষ্ঠ বনকৰ্মী হেমচন্দ্ৰ পাঞাঙে কয় দিনকদিনে চহৰ, নগৰ আৰু উদ্যোগ বৃদ্ধি পাবলৈ ধৰাত বনাঞ্চল সমুহ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে।গছেই আমাৰ প্ৰাণ।গছেই আমাক অক্সিজেন যোগান ধৰি আহিছে।সেয়ে স্কুলীয়া ছাত্ৰ ছাত্ৰী, অভিভাৱক, অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত সকলোৱে খালি ঠাই সমুহত গছপুলি ৰোপণ কৰি বনানীকৰণ বৃদ্ধি কৰিবলৈ প্ৰয়াস চলাব লাগে বুলি সাৰুৱা বক্তব্য আগবঢ়ায়। মিচিং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্য্যবাহী সদস্য মলেন্দ্ৰ নাৰ্জাৰী, সাধাৰণ সদস্য ৰাতিৰাম বসুমতাৰীয়ে চিমেন চাপৰিৰ ধেমাজি জিলা ইউবিপিঅৰ মূখ্য কাৰ্য্যলয়ত ঔটেঙা, আম,জামু আদি গছপুলি ৰোপণ কৰে।
ইপিনে তাই আহোম যুৱ পৰিষদ (টাইপা)ৰ জোনাই মহকুমা সমিতি, চিমেন চাপৰি ফুৰালুং সংঘ,চিমেন চাপৰি আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চিমেন চাপৰিৰ বিহু তলী প্ৰাঙ্গণ,চাও চেং ৰেণ আৰু চিমেন চাপৰি আঞ্চলিক বৰ নামঘৰ প্ৰাঙ্গণত সত্তৰ জোপা দেৱদাৰু পুলি ৰোপণ কৰে। গছপুলি ৰোপণ কাৰ্য্যসূচীত জোনাই মহকুমা টাইপাৰ সভাপতি প্ৰৱণ কুমাৰ সন্দিকৈ, কাৰ্য্যকৰী সভাপতি প্ৰমোদ সন্দিকৈ, সাধাৰণ সম্পাদক গোপাল বৰুৱা, সাংগঠনিক সম্পাদক লক্ষ্য চমুৱা,চিমেন চাপৰি ফুৰালুং সংঘৰ সভাপতি কূলধৰ গগৈ, মলুং ভদ্ৰেশ্বৰ দোলাকাষৰীয়া,চিমেন চাপৰি আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি লক্ষ্য চেতিয়াই সহযোগিতা আগবঢ়ায়। এবছুৰ মধ্য জোনাই আঞ্চলিকৰ কাৰ্য্যলয়ত বিশ্ব পৰিৱেশ দিৱস উপলক্ষে সংগঠনটোৰ সভাপতি মথুৰাজ মুছাহাৰী, সাধাৰণ সম্পাদক গাইদাং বসুমতাৰী, সম্পাদক যোগেশ গয়াৰী, ধেমাজি জিলা এবছুৰ সহকাৰী সাহিত্য সম্পাদক লিখন বড়ো,জনসম্পৰ্কৰক্ষী সম্পাদক ৰাজু খাকলাৰীৰ উপস্থিতিত চিচু,আম,কঁঠাল,ঔটেঙা আদি গছপুলি ৰোপণ কৰে।