নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চ আৰু প্ৰেছ ক্লাবৰ উমৈহতীয়া বৃক্ষৰোপণ কাৰ্যসূচী 

নিয়মীয়া বাৰ্তা, ৫ জুন — বিশ্ব পৰিৱেশ দিৱস উপলক্ষে আজি দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চ আৰু প্ৰেছ ক্লাবৰ যুটীয়া উদ্যোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। দুলীয়াজান পুৰণি বাছ আস্হানস্হিত দুই সংবাদগোষ্ঠীৰ নৱনিৰ্মিত উমৈহতীয়া মিডিয়া ভৱনৰ সন্মুখত সংবাদকৰ্মীসকল একত্ৰিত হৈ বৃক্ষৰোপণ কৰে । এই কাৰ্যসূচীত “প্ৰকৃতি বন্ধু” নবীন বৰুৱাই বন্তি প্ৰজ্বলন কৰি বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ।

আনহাতে আজিৰ কাৰ্য্যসূচীতে প্ৰস্তাৱিত দিহিং পাটকাই বৰ্ষাৰণ্য অভয়াৰণ্যৰ গহ্বৰত অবৈধভাৱে গছ-বন কাটি তহিলং কৰা দুষ্কৃতিকাৰীৰ বিৰুদ্ধে সৰৱ হৈ ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চ আৰু প্ৰেছ ক্লাবে যুটীয়াভাৱে জিলা উপায়ুক্তৰ যোগেদি ৰাজ্যখনৰ বনমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰদানৰ সিদ্ধান্ত লয়।

দুলীয়াজান প্ৰেছ ক্লাবৰ সাঃ সম্পাদক দিগন্ত শইকীয়াই আঁত ধৰা এই বৃক্ষৰোপণ কাৰ্যসূচীত উপস্থিত থাকি পৰিৱেশ দিৱসৰ তাৎপৰ্য বৰ্ণনা কৰে দুলীয়াজান সন্মিলিত সাংবাদিক মঞ্চৰ কাৰ্যকৰী সভাপতি জয়ন্ত ভূঞা আৰু প্ৰেছ ক্লাবৰ সভাপতি ব্ৰজেন গগৈয়ে । কাৰ্যসূচীত সহযোগ আগবঢ়াই প্ৰেছ ক্লাবৰ উপসভাপতি পবিত্ৰ বৰঠাকুৰ, সন্মিলিত সাংবাদিক মঞ্চৰ সাঃ সম্পাদক প্ৰাঞ্জল শইকীয়া, স্হানীয় সংবাদকৰ্মী ক্ৰমে কৃষ্ণা গগৈ, মহম্মদ আজিজ উল্লাহ, ৰঞ্জিত শইকীয়া, পাৰ্থ হাজৰিকা প্ৰমুখ্যে স্হানীয় মাইনী ফাৰ্মাচীৰ স্বাস্হকৰ্মীসকলে ।

You might also like