নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খানাপাৰাত ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্রীৰ

বিশেষ বাৰ্তা, ৩০ নৱেম্বৰঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত এক অনুষ্ঠানত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা অনুষ্ঠিত শেহতীয়া উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষাত নির্দিষ্ট সীমাৰেখাৰ শতকৰা হাৰৰ ওপৰত উত্তীর্ণ হোৱা মেধাৱী পৰীক্ষার্থীলৈ আনুষ্ঠানিকভাৱে আজি স্কুটাৰ বিতৰণ কার্যসূচীৰ শুভাৰম্ভ কৰে৷ উল্লেখ্য যে ৰাজ্যৰ ছাত্র–ছাত্রীসকলৰ শৈক্ষিক উৎকর্ষতাৰ প্রতি লক্ষ্য ৰাখি অসম চৰকাৰে প্রজ্ঞা ভাৰতী আঁচনিৰ অধীনত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্রদানৰ আঁচনিখন আৰম্ভ কৰিছিল৷ চলিত বর্ষত প্রজ্ঞা ভাৰতীৰ অধীনত মুঠ ৩৫,৮০০জন ছাত্র–ছাত্রীক ড০ বাণীকান্ত কাকতি মেধা বঁটা প্রদান কৰা হৈছে৷ ইয়াৰে ৬০৫২জন ছাত্র আৰু ২৯,৭৪৮গৰাকী ছাত্রী৷ এই বঁটাৰ বাবে যোগ্যতা আহৰণ কৰিবলৈ উচ্চতৰ মাধ্যমিক চূডান্ত পৰীক্ষাত ছাত্রৰ বাবে ৭৫ শতাংশ বা ততোধিক আৰু ছাত্রীৰ বাবে ৬০ শতাংশ বা ততোধিক নম্বৰ নির্দ্ধাৰণ কৰা হৈছিল৷ আজি কেন্দ্রীয়ভাৱে আয়োজিত এই অনুষ্ঠানত কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ যোগ্য ছাত্র–ছাত্রীসকলৰ মাজত স্কুটাৰ বিতৰণ কৰা হয়৷ আনহাতে আন জিলাসমূহৰ ছাত্র–ছাত্রীসকলক ডিচেম্বৰৰ ভিতৰত এই আঁচনিৰ অধীনত স্কুটাৰ বিতৰণ কৰা হব৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ড০ বাণীকান্ত কাকতি মেধা বঁটাৰ বাবে নির্বাচিত ছাত্র–ছাত্রীসকলৰ জীৱনৰ বাবে আজিৰ দিনটো এক মাইলৰ খুঁটি হিচাপে চিহ্ণিত হৈ ৰব৷ তেওঁলোকৰ অধ্যয়নৰ প্রতি থকা কঠোৰ পৰিশ্রম আৰু একাগ্রতাৰ বাবে এই বঁটাক সমাজৰ পৰা লাভ কৰা উপহাৰ আৰু আশীর্বাদ বুলি মুখ্যমন্ত্রীয়ে অভিহিত কৰে৷ ড০ বাণীকান্ত কাকতি অসমৰ বৌদ্ধিক জগতৰ উজ্জ্বল নক্ষত্র বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই এইগৰাকী সুযোগ্য অসম সন্তানৰ নামেৰে নামকৰণ কৰা এই বঁটাপ্রাপকৰ চূড়ান্ত তালিকাত নির্বাচিত হোৱা মেধাৱী ছাত্র–ছাত্রীসকলে নিজ নিজ ক্ষেত্রত উজলি উঠি ৰাষ্ট্র আৰু জাতিৰ বাবে গৌৰৱ কঢ়িয়াই আনিব বুলি ভাষণত প্রগাঢ় আত্মবিশ্বাস প্রকাশ কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দেশবাসীক অনাগত ২৫ বছৰত অমৃত কাল হিচাপে গণ্য কৰিবলৈ জনোৱা আহ্বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই মেধাৱী ছাত্র–ছাত্রীসকলক নিজৰ জীৱনৰ প্রতিটো মুহূর্ত দেশৰ উন্নতিৰ হকে উৎসর্গা কৰিবলৈ আহ্বান জনায়৷ তেওঁলোকক অমৃত কালৰ অমৃত সন্তান বুলি অভিহিত কৰি মুখ্যমন্ত্রী ড০ শর্মাই ছাত্র–ছাত্রীসকলক স্বাধীনতাৰ ১০০ বছৰত অমৃত কাল উদযাপন সমাপনৰ লগে লগে জাতিটোৱে যাতে সঠিক মর্যাদাৰে শিখৰত আৰোহণ কৰিব পাৰে তাৰ বাবে তেওঁলোকৰ যোগ্যতা আৰু সামর্থৰ সঠিক ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়৷ উন্নয়ন আৰু বিকাশৰ বাবে যুৱপ্রজন্মক নেতৃত্ব গ্রহণৰ বাবে আগবাঢ়ি আহিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে জনোৱা আহ্বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই অসমৰ মেধাৱী ছাত্র–ছাত্রীসকলে যাতে কৃতিত্ব লাভ কৰিব পাৰে তাৰে বাবে অন্যান্য ৰাজ্যৰ ছাত্র–ছাত্রীসকলৰ সৈতে ফেৰমাৰি হাতে হাত ধৰি আগবাঢ়ি যাবলৈ আহ্বান জনায়৷ উদ্ভাৱনৰ জগতখনে সকলোৰে বাবে লাভজনক আৰু বিকাশৰ সুযোগ কঢ়িয়াই অনাৰ পৰিপ্রেক্ষিতত ডিজিটেলাইজেশ্যন অহা কেইটামান দশকৰ বাবে উন্নয়নৰ মন্ত্র হব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই ছাত্র–ছাত্রীসকলক উদ্ভাৱনৰ ওপৰত গুৰুত্ব দিবলৈ ভাষণ প্রসংগত আহ্বান জনায়৷ তেওঁ কয় যে উদ্ভাৱনে নিয়োগ প্রার্থী হৈ থকাতকৈ নিয়োগ প্রদানকাৰী হোৱাটো নিশ্চিত কৰিব৷ তেওঁ লগতে কয় যে অসমৰ যুৱক–যুৱতীসকলৰ নতুন যুগৰ প্রযুক্তি যেনে অগমেণ্টেড ৰিয়েলিটী, ভার্চুৱেল ৰিয়েলিটী, ব্লক–চেইন, কোৱাণ্টাম কম্পিউটিং, কৃত্রিম বুদ্ধিমত্তা, বিগ ডাটা, এডভান্সড জিনমিক্স আদিৰ বিষয়ে অন্ততঃ মৌলিক ধাৰণা থাকিব লাগিব৷ এই বিষয়ে অজ্ঞ হৈ থাকিলে ভৱিষ্যতৰ দিনত তেওঁলোকৰ কেৰিয়াৰৰ ক্ষেত্রত ক্ষতিৰ সন্মুখীন হব বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয় যে কর্ণাটক আৰু মহাৰাষ্ট্রৰ দৰে ৰাজ্যৰ যুৱক–যুৱতীসকলে ইতিমধ্যে নিজকে এই প্রযুক্তিগত বিপ্লৱৰ অংশ কৰি তুলিছে৷ মেধাৱী ছাত্র–ছাত্রীসকলক আকাশ স্পর্শ কৰাৰ লক্ষ্য নিশ্চিত কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রীয়ে অনাগত দিনত তেওঁলোকে নিজৰ আকাংক্ষাক তৃতীয় শ্রেণী আৰু চতুর্থ শ্রেণীৰ চাকৰিত যদিহে সীমাবদ্ধ ৰাখে তেন্তে তেওঁলোকৰ প্রতিভাৰ অপচয় হব বুলি ব্যক্ত কৰে৷ ছাত্র–ছাত্রীসকলে ইন্ধনৰ বাবে ধন খৰচ কৰিবলগীয়া হোৱাতো নাইকিয়া কৰাৰ নিমিত্তে অহা বছৰৰ পৰা ড০ বাণীকান্ত কাকতি মেধা বঁটা প্রাপকসকলক অসম চৰকাৰে বৈদ্যুতিক স্কুটাৰ বিতৰণৰ বাবে চিন্তা–চৰ্চা কৰি আছে বুলি মুখ্যমন্ত্রীয়ে অৱগত কৰে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহত স্নাতকোত্তৰ পাঠ্যক্রমৰ বাবে মহিলাসকলক বছৰি ১০ হাজাৰ টকাকৈ ষ্টাইপেণ্ড প্রদান কৰাৰ বাবে এখন আঁচনিৰ বিষয়েও চিন্তা–চৰ্চা চলাই থকা হৈছে৷ ইয়াৰ দ্বাৰা তেওঁলোকৰ যাতায়াত আৰু অন্যান্য আনুসংগিক খৰচ বহন কৰাত সহায়ক হব বুলি তেওঁ কয়৷ স্নাতকোত্তৰ পাঠ্যক্রম গ্রহণ কৰা মহিলাসকলক শিক্ষা বিভাগে এই উদ্দেশ্যে অহা কেইসপ্তাহ মানৰ ভিতৰতে মুকলি কৰিবলগীয়া অনলাইন পর্টেলত আৱেদন কৰিবলৈ তেওঁ আহ্বান জনায়৷ অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, পৰিৱেশ আৰু বনমন্ত্রী চন্দ্রমোহন পাটোৱাৰী, কৃষিমন্ত্রী অতুল বৰা, অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড০ ননীগোপাল মহন্ত, বিধায়ক মানৱ ডেকা, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ প্রমুখ্যে গণ্য–মান্য ব্যক্তিসকল উপস্থিত থাকে৷

You might also like