নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডেটিং যুটি অৰ্জুন কাপুৰ-মালাইকাৰ ভিতৰত কোন বেছি প্ৰতিপত্তিশালী

বিশেষ বাৰ্তা, ৩০ নৱেম্বৰঃ গ্লেমাৰ ৱৰ্ল্ডত কিছুদিনৰ আগতে এই কথা বিয়পি পৰিছিল যে মালাইকা অৰোৰা বিখ্যাত চলচ্চিত্ৰ অভিনেতা অৰ্জুন কাপুৰৰ সন্তানৰ মাতৃ হ’ব। অৱশ্যে পিছত অভিনেতাজনে নিজেই এই খবৰটো উৰাবাতৰি বুলি কৈছে। বলীউডত জগতত দুয়োগৰাকী তাৰকা সদায় এনেদৰেই লাইমলাইটত থাকে। ইয়াৰ বাহিৰেও প্ৰায়ে চৰ্চা হয় যে অৰ্জুন আৰু মালাইকাৰ মাজত কোন ধনী। অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰা দুয়োজনে নিজৰ ছবিত কাম কৰি যথেষ্ট মাচুল লয়। ইয়াৰ লগতে দুয়োগৰাকী তাৰকাই বহু ডাঙৰ ব্ৰেণ্ডৰ বিজ্ঞাপন দিও ভাল উপাৰ্জন কৰে। য’ত মালাইকা অৰোৰাই ইউ এছ এ পাৰ্ল, ডাবুৰ থাৰ্থী প্লাছ, ছানচিল্ক আৰু জিলেট শ্বেভ এণ্ড ক্ৰেভৰ দৰে বহু ডাঙৰ ব্ৰেণ্ডৰ বিজ্ঞাপন দিয়ে, আনহাতে অৰ্জুন কাপুৰে ফ্লাইং মেচিন, হিৰো চাইকেলছ, ৰয়েল ষ্টেগ আৰু জে বি এলৰ দৰে বহু ডাঙৰ ব্ৰেণ্ডৰ বিজ্ঞাপন কৰে। চেলিব্ৰিটিছ ৱৰ্থ ৰিপৰ্ট অনুসৰি অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাৰ মুঠ নেট ৱৰ্থ প্ৰায় ৮০ কোটি টকা বুলি কোৱা হৈছে। মুম্বাইৰ জুহুত অৰ্জুন কাপুৰৰ এটা অতি বিলাসী এপাৰ্টমেণ্ট আছে। অৰ্জুনে ভনীয়েকৰ সৈতে এই ঘৰত থাকে আৰু তেওঁৰ ঘৰৰ খৰচ ৩০ কোটি টকা বুলি কোৱা হয়। ইয়াৰ উপৰি মালাইকা অৰোৰাৰ মুম্বাইত নিজাকৈ এটা অতি বিলাসী এপাৰ্টমেণ্টো আছে। মালাইকাই এই ঘৰতে পুত্ৰৰ লগত থাকে। মালাইকাৰ ঘৰৰ খৰচ ২০ কোটি টকা বুলি কোৱা হৈছে।

You might also like