নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাম্প্রদায়িক ইউডিএফক এতিয়া বুকুত সাবটি লৈছে কংগ্রেছে

নলবাৰীত বিজেপিৰ সভাত মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ১৭ মাৰ্চঃ কংগ্রেছ আৰু এ আই ইউ ডি এফ দল এটা মুদ্রাৰ ইপিঠি আৰু সিপিঠি৷ এটা সময়ত অসমৰ কংগ্রেছী মুখ্যমন্ত্রী তৰুণ গগৈয়ে বদৰুদ্দিন আজমল সম্পর্কে কৈছিল– হু ইজ বদৰুদ্দিন? এতিয়া তেওঁৰ অবর্তমানত সেই কংগ্রেছ দলে বদৰুদ্দিন আজমলৰ সাম্প্রদায়িক দল এ আই ইউ ডি এফক বুকুৰ মাজত লৈছে৷ –আজি নলবাৰী সমষ্টিৰ অন্তর্গত বৰাজোল হাইস্কুল খেল পথাৰত অনুষ্ঠিত বিজেপিৰ বিশাল যোগদান সমাৰোহত অংশগ্রহণ কৰি মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী দেৱেন্দ্র ফাডনবিচে এনেদৰে কয়৷ ভাষণ প্রসংগত তেওঁ পুনৰ কয় যে বিগত ১৫ বছৰীয়া শাসনকালত ৰাজ্যখনত কংগ্রেছে কোনো উল্লেখযোগ্য কাম নকৰিলে৷ দৰিদ্র জনগণৰ বাবে এটা পকী ঘৰ সাজিবলৈ চিন্তা নকৰিলে৷ তেওঁ কয় যে অসমৰ পৰা প্রধানমন্ত্রীৰ আসন অলংকৃত কৰা মনমোহন সিং বৰ ভাল মানুহ আছিল৷ তেওঁক কেৱল ছোনিয়া গান্ধীয়ে পুতলা কৰি ৰাখিলে৷ কোনো কাম কৰাৰ সুযোগ নিদিলে৷ কিন্তু যেতিয়া নৰেন্দ্র মোদী প্রধানমন্ত্রী হ’ল, তেতিয়াৰ পৰাই দেশত উন্নতি হ’ব ধৰিলে৷ দুখীয়া পৰিয়ালৰ বাবে গৃহ নির্মাণ আঁচনি গ্রহণ কৰিলে৷ দেশত গৃহ, বিশুদ্ধ পানী, পথ, খাদ্য, কর্মসংস্থান, শিক্ষা, স্বাস্থ্য আদিত অধিক গুৰুত্ব প্রদান কৰিলে৷ গৰিব কল্যাণ যোজনাৰ বাবে বহুতো আঁচনি গ্রহণ কৰিলে৷

তেনেদৰে অসমত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, দক্ষ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যত বিকাশৰ ধাৰা বোৱাই দিলে৷ এতিয়া পুনৰ বিজেপি মিত্রশক্তিৰ চৰকাৰ গঠন হ’লে ৰাজ্যত অহা পাঁচ বছৰত কোনো গৃহহীন নাথাকিব৷ গতিকে সকলোৱে এখন সর্বাংগীণ চৰকাৰ গঠন কৰিবলৈ বিজেপি, অগপ তথা ইউ পি পি এলৰ সমর্থিত প্রার্থীক ভোট দি জয়যুক্ত কৰক৷ নলবাৰী সমষ্টিৰ প্রার্থী জয়ন্ত মল্ল বৰুৱাক এক লাখৰ অধিক ভোট দি বিধানসভালৈ প্রেৰণ কৰিবলৈ তেওঁ আহ্বান জনায়৷ জিলা বিজেপিৰ সাধাৰণ সম্পাদক পুলক শর্মাই আঁত ধৰা যোগদান সমাৰোহত জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংগ তালুকদাৰ, মিত্রজোঁটৰ প্রার্থী জয়ন্ত মল্ল বৰুৱা, বিধায়ক অশোক শর্মায়ো ভাষণ দি পদুম ফুলৰ প্রতীকত ভোট দিবলৈ ৰাইজক আহ্বান জনায়৷ সমাৰোহত বৃহত্তৰ পূব নলবাৰী অঞ্চলৰ ১,৫০০ৰো অধিক কংগ্রেছসহ অন্যান্য দলৰ সদস্য–সমর্থকে বিজেপি দলত যোগদান কৰে৷ অনুষ্ঠানত বিধানসভা নির্বাচনৰ প্রভাৰী মনীষ সিং, ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰূপম গোস্বামী, সৰভোগ বিধানসভা সমষ্টিৰ প্রভাৰী বনদ্বীপ ডেকা, জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা, বিজেপিৰ নেতা দিলজিৎ বর্মনসহ অগপ দলৰ নেতা–কর্মীসকল উপস্থিত থাকে৷

You might also like